ছবিত ‘Intimate Scene’ত অভিনয় নকৰে অভিনেত্ৰী ভূমি পেডনেকাৰে! হঠাত্‍ কিয় এই সিদ্ধান্ত ল’লে অভিনেত্ৰীগৰাকীয়ে?

News18 Assam | News18-Assam
Updated:June 22, 2020, 3:33 PM IST
ছবিত ‘Intimate Scene’ত অভিনয় নকৰে অভিনেত্ৰী ভূমি পেডনেকাৰে! হঠাত্‍ কিয় এই সিদ্ধান্ত ল’লে অভিনেত্ৰীগৰাকীয়ে?
অভিনেত্ৰীগৰাকীয়ে এটা সাক্ষাত্‍কাৰত জনালে এই কথা

অভিনেত্ৰীগৰাকীয়ে এটা সাক্ষাত্‍কাৰত জনালে এই কথা

  • Share this:
কোৰোণা ভাইৰাছৰ ফলত বন্ধ হৈ থকা ছবিৰ দৃশ্যগ্ৰহণ আকৌ লাহে লাহে আৰম্ভ কৰিছে ছবি নিৰ্মাতাসকলে। আধৰুৱা হৈ থকা বহু ছবিৰ কাম আকৌ আৰম্ভ কৰা হৈছে। তথাপিও যেন আগৰ দৰে উচাহ নাই অভিনেতা-অভিনেত্ৰীসকলৰ মনত। মনত যেন আছে ভয় শংকা।



ছবিত কোনো ধৰণৰ ‘Intimate Scene’ত অভিনয় নকৰাৰ সিদ্ধান্ত অভিনেত্ৰী ভূমি পেডনেকাৰে। অভিনেত্ৰীগৰাকীয়ে স্পষ্ট কৈ জনালে এই কথা।



এটা ইংৰাজী ৱেবচাইটৰ সৈতে হোৱা সাক্ষাত্‍কাৰত ভূমিয়ে জনাই যে, ‘কোৰোণা ভাইৰাছ প্ৰতিৰোধৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল সামাজিক ব্যৱধান। কিন্তু ছবিৰ শ্বুটিঙত এয়া মানি চলাটো অত্যন্ত কঠিন কাম। কাৰণ ছবিৰ শ্বুটিঙৰ সময়ত বহুতে বিভিন্ন ধৰণে কাম কৰিবলগীয়া হয়। অভিনেতা-অভিনেত্ৰীয়ে মাস্ক পৰিধান কৰিও শ্বটিং কৰিব নোৱাৰে। সেয়েহে কিছুদিনলৈ ছবিত ‘Intimate Scene’ত অভিনয় কৰাৰ পৰা বিৰত থকাই উচিত। মই ভাবো, দৰকাৰ হ’লে ছবিৰ ষ্টৰী লাইনেই কিছু সলনি কৰক। আমি নিজে সতৰ্ক হৈ থাকিব লাগিব।'
First published: June 22, 2020, 3:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading