মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Pori Moni: কাৰাগাৰৰ পৰা ওলাল অভিনেত্ৰী পৰীমণি, হাতৰ তলুৱাত মেহেন্দিৰে লিখা বাক্যৰে দিলে তুমুল বিতৰ্কৰ জবাব

Pori Moni: কাৰাগাৰৰ পৰা ওলাল অভিনেত্ৰী পৰীমণি, হাতৰ তলুৱাত মেহেন্দিৰে লিখা বাক্যৰে দিলে তুমুল বিতৰ্কৰ জবাব

News18 Assam | News18-Assam
Updated:September 1, 2021, 10:52 PM IST
Pori Moni: কাৰাগাৰৰ পৰা ওলাল অভিনেত্ৰী পৰীমণি, হাতৰ তলুৱাত মেহেন্দিৰে লিখা বাক্যৰে দিলে তুমুল বিতৰ্কৰ জবাব
কাৰাগাৰৰ পৰা ওলাই অহাৰ লগে লগে তেওঁ হাত দাঙি এই বাৰ্তাটো দেখুৱালে।

কাৰাগাৰৰ পৰা ওলাই অহাৰ লগে লগে তেওঁ হাত দাঙি এই বাৰ্তাটো দেখুৱালে।

  • News18 Assam
  • Last Updated: September 1, 2021, 10:52 PM IST
  • Share this:

অৱশেষত কাৰাগাৰৰ পৰা মুকলি হ'ল বাংলাদেশৰ অভিনেত্ৰী পৰীমণি (Pori Moni)। অভিনেত্ৰীগৰাকীক মঙলবাৰে জামিন দিয়া হৈছিল যদিও জামিনৰ কাগজ সন্ধিয়া ৬ বজাৰ ভিতৰত কাৰাগাৰত উপস্থিত হোৱা নাছিল। গতিকে তেওঁ আন এটা দিনৰ বাবে কাৰাগাৰত থাকিব লগা হৈছিল। অৱশেষত বুধবাৰে ৰাতিপুৱা তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰা হয়। অভিনেত্ৰীগৰাকীয়ে প্ৰায় ২৬ দিনৰ বাবে কাৰাবাস খাটে।


মাদক দ্ৰব্যৰে নাম সাঙোৰ খোৱাৰ পিছতে বাংলাদেশজুৰি সংবাদ শিৰোনাম দখল কৰা পৰীমণি সামাজিক মাধ্যমতো নেটিজেনৰ ব্যাপক ট্ৰ'লৰ সন্মুখীন হৈছিল। কিন্তু পৰীমণিয়েও আজি ট্ৰলিং কৰাসকলক উত্তৰ দিয়া দেখা গ'ল ব্যতিক্ৰমী ধৰণে। কাৰাগাৰৰ পৰা ওলাই অহাৰ লগে লগে তেওঁ হাত দাঙি এই বাৰ্তাটো দেখুৱালে।


পৰীমণি কাৰাগাৰৰ পৰা ওলাই উঠি অহা গাড়ীখনৰ হুডটো খুলি থিয় হয় আৰু তেওঁৰ অনুৰাগী তথা সংবাদ মাধ্যমলৈ হাঁহি এটা মাৰি হাত জোকাৰে। আৰু তেতিয়াই তেওঁ হাতত লিখা বাৰ্তাটো সকলোৰে চকুত পৰে। পৰীমণিয়ে হাতৰ তলুৱাত মেহেন্দিৰ সৈতে লিখিছিল, 'Dont love, m Bitch'। এই বাৰ্তাৰ জৰিয়তে তেওঁ বুজাই যে তেওঁক পছন্দ কৰা উচিত নহয়। তেওঁ ট্ৰলিঙক গুৰুত্বসহকাৰে নলয়। সেয়েহে তেওঁ নিজেই কয়, 'মোক ভাল পাব নালাগে। মই বেয়া।' পৰীমণিয়ে বগা টি-ছাৰ্ট, মূৰত বগা পাগুৰি আৰু মুখত মুখা পিন্ধি আছিল।



উল্লেখ্য, পৰীমণিক ৪ আগষ্টত তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ ঘৰত পোৱা গৈছিল মাদক দ্ৰব্যও। আৰু ইয়াৰ মাজতে আৰক্ষী বিষয়া গোলাম চাকলাইনৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ হয় তুমুল চৰ্চা। শেহতীয়াকৈ, চাকলাইনৰ জন্মদিনৰ ভিডিঅ'ত তেওঁৰ আৰু পৰীমণিৰ এটা ঘনিষ্ঠ ভিডিঅ' পোহৰলৈ আহিছিল, যিয়ে ছ'চিয়েল মিডিয়া গৰম কৰি তুলিছিল। কিন্তু এই সকলোবোৰৰ পিছত অৱশেষত তেওঁক মঙলবাৰে মহানগৰীয় সত্ৰ ন্যায়াধীশ কে এম ইমৰুলে জামিন প্ৰদান কৰে।

Published by: Gautam Barman
First published: September 1, 2021, 10:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি