ছলমান খানৰ বজৰংগী ভাইজানৰ কণমানি মুন্নী এতিয়া কেনে আছে? নতুন ফটো চাওক

News18 Assam | News18-Assam
Updated:November 19, 2020, 10:19 PM IST
ছলমান খানৰ বজৰংগী ভাইজানৰ কণমানি মুন্নী এতিয়া কেনে আছে? নতুন ফটো চাওক

  • News18 Assam
  • Last Updated: November 19, 2020, 10:19 PM IST
  • Share this:
ছলমান খানৰ ছুপাৰহিট ছবি বজৰংগী ভাইজানৰ মুন্নীক মনত আছেনে? সাত বছৰীয়া মুন্নী এতিয়া ডাঙৰ হ’ল। শেহতীয়াকৈ মুন্নীৰ দীপাৱলী উদযাপনৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। বহুতে মুন্নীৰ ফটোত কমেণ্ট দিয়ে, ‘Munni itni badi hogayi’!

এতিয়া ১২ বছৰত ভৰি দিলে মুন্নী অৰ্থাত্‍ বজৰংগী ভাইজান ছবিৰ সহ অভিনেত্ৰী হৰ্চালী মলহোত্ৰাই। মুন্নীয়ে জনোৱা মতে, তেওঁ আকৌ ছলমান খানৰ সৈতে এখন ছবিত অভিনয় কৰিব বিচাৰে।



ছচিয়েল মিডিয়াত মুন্নীৰ শেহতীয়া ফটো ভাইৰেল হৈ পৰাৰ সন্দৰ্ভত কণমানি অভিনেত্ৰী হৰ্চালীয়ে কয় যে, ‘ছচিয়েল মিডিয়াত মোৰ ফটো আকৌ ট্ৰেণ্ড হোৱাৰ বাবে মই সুখী। সকলোৱে এতিয়াও মোক মৰম কৰি থকাৰ বাবে সকলোকে ধন্যবাদ।

ছচিয়েল মিডিয়াত কিমান সক্ৰিয় মুন্নী?

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাত্‍কাৰত অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে, ‘মোৰ মাতৃয়ে মোৰ ছচিয়েল মিডিয়া একাউণ্ট পৰিচালনা কৰে। মায়ে ভাবে যে, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিব পৰাকৈ মই এতিয়াও ডাঙৰ হোৱা নাই। কিন্তু অনুৰাগীসকলে মোক যিধৰণে মেছেজ দিয়ে বা উত্‍সাহ যোগায়, সেই কথা মায়ে মোক অৱগত কৰে।’

বজৰংগী ভাইজানৰ পিছত মুন্নীলৈ নতুন ছবিৰ অ’ফাৰ আহিছেনে?

মুন্নীয়ে কয় যে, ‘বহু ছবিৰ অ’ফাৰ আহিছে। দক্ষিণ ভাৰতৰ ছবিত অভিনয়ৰ বাবেও অ’ফাৰ আহিছে। কিন্তু যিসমূহ কেৰেক্টাৰ মোক দিয়া হৈছে, সেয়া বিশেষ আকৰ্ষণীয় নহয়। কিন্তু মই অভিনেত্ৰীয়েই হ’ব বিচাৰো। বজৰংগী ভাইজানৰ দৰে ছবিত আকৌ অভিনয় কৰিব বিচাৰো।’
Published by: Himangshu Bhuyan
First published: November 19, 2020, 10:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading