Zubin Garg : চকীত বহি নহয়, চকী মূৰত লৈ জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰিলে দৰ্শকে ৷ ক’ত, কিয় হ'ল এনে পৰিস্থিতি?

News18 Assam | News18-Assam
Updated:April 19, 2021, 12:12 PM IST
Zubin Garg : চকীত বহি নহয়, চকী মূৰত লৈ জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰিলে দৰ্শকে ৷ ক’ত, কিয় হ'ল এনে পৰিস্থিতি?

  • Share this:


অসমৰ যুৱ প্ৰজন্মৰেই নহয় সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ। জুবিনৰ অনুষ্ঠান মানেই দৰ্শকৰ পাৰ ভগা উছাহ। যিকোনো পৰিস্থিতিতে জুবিনক এবাৰ চোৱাৰ হেপাহ থাকে সকলোৰে। ৰ'দ-বৰষুণ কোনেও যেন টলাব নোৱাৰে জুবিন অনুৰাগীক।

বঙাইগাঁৱত দেওবাৰে ৰাইজে জুবিনক দিয়া মৰম সঁচাকৈ বিৰল। জুবিনৰ গানৰ অনুষ্ঠানৰ  মাজতে হঠাৎআহিছিল বৰষুণ। কিন্তু দোপাল পিতা বৰষুণে ভাঙিব নোৱাৰিলে জুবিনৰ অনুৰাগীৰ দৃঢ়তাক। পেণ্ডেলত বহিবলৈ অনা চকী মূৰত লৈ জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰি থাকিল দৰ্শকে ৷

সাত বিহুৰ মাজতে দুবাৰকৈ বঙাইগাঁৱত সংগীতানুষ্ঠান পৰিবেশন কৰে নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গে ৷ ৰণি বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত আয়োজিত ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশনৰ মাজতে বৰষুণ আৰম্ভ হয় ৷ কিন্তু শিল্পীজনৰ সুৰৰ লহৰত মতলীয়া দৰ্শকে বৰষুণকো নেওচি মূূূূৰত চকী আৰু চাতি লৈ সংগীতানুষ্ঠান উপভোগ কৰা পৰিলক্ষিত হয় ৷

চৰকাৰৰ কোভিড নিৰ্দেশনা মানি জুবিনে আঢ়ৈ ঘন্টা ধৰি সংগীত পৰিবেশন কৰাৰ পিছত নিশা ১১ বজাৰ পূৰ্বে অনুষ্ঠান সামৰে ৷
Published by: Manjumoni Borah
First published: April 19, 2021, 12:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি