অসম কন্যা ৮ বছৰীয়া স্পৃহাই মুম্বাইত তুলিছে খলকনি। কাৰুকাৰ্য দেখি হতভম্ব হৈছে বলীউডৰ তাৰকাও।
ছুপাৰ ডেন্সাৰ চেপ্তাৰ-৪ত(Super Dancer Chapter-4) উজলিছে মৰিগাঁৱৰ কণমানি স্পৃহা ঋষি কাশ্যপ (কিকি)। ৮ বছৰীয়া স্পৃহাৰ নৃত্যত মুগ্ধ বিচাৰক।
ছুপাৰ ডেন্সাৰ চেপ্তাৰ-৪ত(Super Dancer Chapter-4) উজলিছে মৰিগাঁৱৰ কণমানি স্পৃহা ঋষি কাশ্যপ (কিকি)। ৮ বছৰীয়া স্পৃহাৰ নৃত্যত মুগ্ধ বিচাৰক।
- News18 Assam
- Last Updated: April 19, 2021, 10:51 AM IST
সৰুৰে পৰা নাচি ভালপোৱা স্পৃহাই মৰিগাঁৱৰ স্বৰগম কালচাৰেল একাডেমিত নৃত্য শিক্ষা আৰম্ভ কৰাৰ পিছত গুৱাহাটীৰ দিলীপ ডান্স একাডেমিত নাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।
মৰিগাঁৱৰ গছৰগুৰিত জন্ম গ্ৰহণ কৰা স্পৃহা চহৰখনৰ যুৱ ব্যৱসায়ী জিতু বৰা আৰু লিপিকা বৰাৰ একমাত্ৰ সন্তান। মৰিগাঁৱৰ এক সাংস্কৃতিক পৰিয়ালত জন্ম গ্ৰহণ কৰা ৮ বছৰীয়া স্পৃহা ঋষি কাশ্যপৰ এই জয় যাত্ৰাই মৰিগাঁৱৰ লগতে সমগ্ৰ অসমবাসীক মুগ্ধ কৰিছে।