কাঞ্চনজংঘাক চেৰ পেলাই প্ৰথম সপ্তাহত ৩.৩১ কোটিৰ ব্যৱসায় ৰত্নাকৰৰ, অসমৰ বাহিৰত উপাৰ্জন ১২ লাখ টকা

News18-Assam
Updated:October 18, 2019, 3:18 PM IST
কাঞ্চনজংঘাক চেৰ পেলাই প্ৰথম সপ্তাহত ৩.৩১ কোটিৰ ব্যৱসায় ৰত্নাকৰৰ, অসমৰ বাহিৰত উপাৰ্জন ১২ লাখ টকা
আজিৰ পৰা সৰ্বমুঠ ১৯৯ টা দৰ্শনীৰে ৰত্নাকৰে আৰম্ভ কৰিছে দ্বিতীয় সপ্তাহ

আজিৰ পৰা সৰ্বমুঠ ১৯৯ টা দৰ্শনীৰে ৰত্নাকৰে আৰম্ভ কৰিছে দ্বিতীয় সপ্তাহ

  • Share this:
মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰিছে যতীন বৰাৰ ৰত্নাকৰে। ছবিখনে প্ৰথম সপ্তাহত মুঠ উপাৰ্জন কৰে ৩.৩১ কোটি টকা। যি কেৱল যতীন বৰাৰ কেৰিয়াৰৰে নহয়, অসমীয়া ছবি জগতৰ বাবেও এক অভিলেখ। জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাৰ প্ৰথম সপ্তাহত বক্স অফিচত উপাৰ্জন আছিল ২.৮৯ কোটি টকা। যি অভিলেখ এতিয়া ভংগ কৰিছে যতীন বৰাৰ ৰত্নাকৰে।



আজিৰ পৰা সৰ্বমুঠ ১৯৯ টা দৰ্শনীৰে ৰত্নাকৰে দ্বিতীয় সপ্তাহৰ আৰম্ভ কৰিছে। দ্বিতীয় সপ্তাহতো প্ৰথম তিনি দিনৰ টিকট ৰাজ্যৰ প্ৰায় চিত্ৰগৃহতে শেষ হৈছে বুলি জানিব পৰা গৈছে।



প্ৰথম সপ্তাহত কাঞ্চনজংঘাৰ ব্যৱসায়–

৪০ + ৩৮.৫ + ৫৯.১ + ৩৯.৮ + ৪৪.৫ + ৩৫.৫ + ৩১.৪ = ২ কোটি ৮৯ লাখ



প্ৰথম সপ্তাহত ৰত্নাকৰৰ ব্যৱসায়–

৪১ +  ৪৯.৫  + ৫৫ + ৪৩ + ৪৫ + ৪২ +  ৪৩.৫= ৩ কোটি ১৯ লাখ টকা

উল্লেখযোগ্য যে, ৰত্নাকৰে অসমৰ বাহিৰতো ঈৰ্ষণীয় ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। ছবিখনে অসমৰ বাহিৰত প্ৰথম সপ্তাহত প্ৰায় ১২ লাখ টকা উপাৰ্জন কৰিছে। যিও অসমীয়া ছবিৰ ক্ষেত্ৰত এক অন্যতম অভিলেখ।
First published: October 18, 2019, 3:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি