ওফৰিল ‘lal kaptaan’, মুক্তিৰ দ্বিতীয়টো দেওবাৰে ৰত্নাকৰে উপাৰ্জন কৰিলে অভিলেখ সংখ্যক ৬৮ লাখ টকা

১০ দিনত ৰত্নাকৰৰ বক্স অফিচ কালেকচন ৪ কোটি ৯৫ লাখ টকা

News18-Assam
Updated:October 21, 2019, 5:02 PM IST
ওফৰিল ‘lal kaptaan’, মুক্তিৰ দ্বিতীয়টো দেওবাৰে ৰত্নাকৰে উপাৰ্জন কৰিলে অভিলেখ সংখ্যক ৬৮ লাখ টকা
১০ দিনত ৰত্নাকৰৰ বক্স অফিচ কালেকচন ৪ কোটি ৯৫ লাখ টকা
News18-Assam
Updated: October 21, 2019, 5:02 PM IST
অসমৰ চলচিত্ৰগৃহত এতিয়া এটাই নাম ‘ৰত্নাকৰ’। ৰত্নাকৰৰ ধুমুহাত ওফৰিছে ইখনৰ পিছত সিখন বিগ বাজেট হিন্দী ছবি। ১১ অক্টোবৰত মুক্তিলাভ কৰা যতীন বৰাৰ ৰত্নাকৰ ছবিখনে লাভ কৰিছে দৰ্শকৰ পৰা ব্যাপক সঁহাৰি। প্ৰথম সপ্তাহৰত হৃত্বিক ৰোছনৰ ‘ৱাৰ’ আৰু প্ৰিয়ংকা চোপ্ৰাৰ ‘দ্যা স্কাই ইজ পিংক’ ছবিদুখনক ওফৰাবলৈ সক্ষম হোৱা ৰত্নাকৰে দ্বিতীয় সপ্তাহত অসমৰ ছবিগৃহৰ পৰা ওফৰাই দিলে ছেইফ আলী খানৰ ‘লাল কম্পান’ ছবিখন।



সেইদৰে বক্স অফিচটো ৰত্নাকৰে লাভ কৰিছে ঈৰ্ষণীয় সাফল্য। প্ৰথম সপ্তাহত অভিলেখ সংখ্যক ৩ কোটি ৩১ লাখ টকা উপাৰ্জন কৰা ছবিখনে দ্বিতীয় সপ্তাহতো অব্যাহত ৰাখিছে জয়যাত্ৰা। দ্বিতীয় সপ্তাহত মুঠ ১৯৯ টা দৰ্শনী লাভ কৰা ছবিখনে শুক্ৰবাৰ আৰু শনিবাৰে উপ্ৰাজন কৰা ক্ৰমে ৪৫ লাখ আৰু ৫১ লাখ টকা। সেইদৰে দেওবাৰে ছবিখনে উপাৰ্জন কৰে অভিলেখ সংখ্যক ৬৮ লাখ টকা। দ্বিতীয় সপ্তাহত মাত্ৰ ৫৩ টা চিত্ৰগৃহত চলি থকা ৰত্নাকৰে ৬৮ লাখ সংগ্ৰহ কৰাটো অসমীয়াই নহয় বলীউডৰ ছবিৰ ক্ষেত্ৰতো এক অনন্য অভিলেখ।
আৰু চাওক পৰৱৰ্তী বাতৰি