உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • বক্স অফিচত ব্লকব্লাষ্টাৰ যতীন বৰাৰ ‘ৰত্নাকৰ’, চাৰিদিনত ১ কোটি ৮৯ লাখ টকাৰ কালেকশ্যন, কিমান হৈছিল খৰচ?

    বক্স অফিচত ব্লকব্লাষ্টাৰ যতীন বৰাৰ ‘ৰত্নাকৰ’, চাৰিদিনত ১ কোটি ৮৯ লাখ টকাৰ কালেকশ্যন, কিমান হৈছিল খৰচ?

    প্ৰথম চাৰিদিনত ‘কাঞ্চনজংঘা’তকৈ আগত আছে ‘ৰত্নাকৰ’ৰ কালেকশ্যন।

    প্ৰথম চাৰিদিনত ‘কাঞ্চনজংঘা’তকৈ আগত আছে ‘ৰত্নাকৰ’ৰ কালেকশ্যন।

    প্ৰথম চাৰিদিনত ‘কাঞ্চনজংঘা’তকৈ আগত আছে ‘ৰত্নাকৰ’ৰ কালেকশ্যন।

    • Share this:
    বক্স অফিচত অভিলেখ গঢ়িছে যতীন বৰাৰ ছবি ৰত্নাকৰে। জুবিন গাৰ্গৰ ‘কাঞ্চনজংঘা’ৰ অভিলেখ ভংগ কৰি অসমীয়া ছবি জগতত এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ‘ৰত্নাকৰ’ ছবিখনে। ১১ অক্টোবৰত মুক্তিলাভ কৰা ‘ৰত্নাকৰ’ৰ চাৰিদিনত বক্স অফিচ কালেকশ্যন ১ কোটি ৮৯ লাখ টকা। মুক্তিৰ প্ৰথমদিনাই ছবিখনে উপাৰ্জন কৰে ৪১ লাখ টকা। তাৰ পিছত দ্বিতীয় দিনা ৪৯.৫ লাখ, তৃতীয় দিনা ৫৫ লাখ আৰু চতুৰ্থদিনা সংগ্ৰহ কৰে ৪৩ লাখ টকা। এয়া অসমীয়া ছবিৰ বাবে এক অভিলেখ।

    এতিয়াও অসমৰ প্ৰতিটো ছবিগৃহত ‘ৰত্নাকৰ’ চাবলৈ দৰ্শকে ভিৰ কৰিছে। বহুকেইটা হলত কেইবাদিনৰ বাবে বুক হৈ আছে সকলো টিকট। এই হিচাপ কেৱল চাৰিদিনৰহে। আৰু কিছুদিন ধৰি ছবিখন ছবিগৃহত সদম্ভে চলি থাকিব বুলি ধাৰণা কৰা হৈছে। প্ৰথম চাৰিদিনত ‘কাঞ্চনজংঘা’তকৈ আগত আছে ‘ৰত্নাকৰ’ৰ কালেকশ্যন।



    যদিও ‘ৰত্নাকৰ’ ছবিখনে চাৰিদিনত ১.৮৯ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, এই সমুলি ধন নাযায় ছবি নিৰ্মাতাৰ হাতলৈ। ছবিখনৰ পৰা সংগৃহীত মুঠ ধনৰাশিৰ ৪৫ শতাংহে লাভ কৰি ছবি নিৰ্মাতাই। বাকী ধনৰাশি যায় হলৰ মালিক আৰু কৰৰ বাবদ। ছবিখনৰ প্ৰযোজকে জনোৱা অনুসৰি, ‘ৰত্নাকৰ’ ছবিখনৰ বাবে মুঠ খৰচ হৈছে প্ৰায় ৮০ লাখ টকা।
    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
    First published: