‘আগতে চোৱা নাই এনেকুৱা চিনেমা’– দৰ্শকে আদৰিছে নতুন অসমীয়া ছবি আমিষ!

News18-Assam
Updated:November 23, 2019, 4:07 PM IST
‘আগতে চোৱা নাই এনেকুৱা চিনেমা’– দৰ্শকে আদৰিছে নতুন অসমীয়া ছবি আমিষ!
শুকুৰবাৰে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত মুক্তিলাভ কৰিলে নতুন অসমীয়া ছবি আমিষ

শুকুৰবাৰে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত মুক্তিলাভ কৰিলে নতুন অসমীয়া ছবি আমিষ

  • Share this:
শুকুৰবাৰে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত মুক্তিলাভ কৰিলে নতুন অসমীয়া ছবি আমিষে। মুক্তিৰ পিছতে এতিয়া ভাস্কৰ হাজৰিকা পৰিচালিত ছবিখনে দৰ্শকৰ পৰা লাভ কৰিছে আশাপ্ৰদ সঁহাৰি। ইতিমধ্যে দেশ বিদেশৰ বহু আগশাৰীৰ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শকৰ পৰা উচ্চ প্ৰশংসা লাভ কৰা আমিষ ছবিখনক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু চলচিত্ৰ সমালোচকে কৰিছে প্ৰশংসা। বলীউদৰ বিশিষ্ট ছবি পৰিচালক অনুৰাগ কাশ্যপে ছবিখন চাই আপ্লুত হৈ নিজেই লৈছিল বিতৰণ কৰাৰ দায়িত্ব।



বহু নতুন শিল্পীৰ সমাবেশ ঘটিছে ছবিখনত। দেশৰ বহু চলচিত্ৰ সমালোচকে ছবিখনক দিছে আশাপ্ৰদ ৰিভিউ। News18.com এ ছবিখনক দিছে ১০ ৰ ভিতৰত ৮ পইণ্ট। সেইদৰে IMDB ত ছবিখনে ১০ ৰ ভিতৰত ৮.৪ পইণ্ট পাবলৈ সক্ষম হৈছে।

চ্যাম বৰা আৰু পুণম দেউলে প্ৰযোজনা কৰা ছবিখনত ছাবলৈ এতিয়া ছবিগৃহতো দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হৈছে। কেৱল গুৱাহাটী মহানগৰতে ছবিখনৰ অগ্ৰীম টীকট বুকিং  চকুত লগা। সেইদৰে মাউথ পাব্লিচীটিৰ জৰিয়তে ছবিখনে দৰ্শকৰ পৰা অনাগত সময়ত অদিক সঁহাৰি লাভ কৰিব বুলি আশা কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি