ছচিয়েল মিডিয়াত ভাইৰেল ‘ৰত্নাকৰ’! থানাত উপস্থিত হৈ ৰাইজক কি অনুৰোধ জনালে যতীন–নৱনীতাই?

কোনো লোকে ছবিগৃহৰ ভিতৰৰ পৰা ম’বাইলত ৰেকৰ্ডিং কৰি ফেচবুক আৰু ইউটিউবত ছবিখনৰ দৃশ্যাংশ ভাইৰেল কৰা বুলি অভিযোগ কৰিছে যতীন বৰাই।

News18-Assam
Updated:October 18, 2019, 9:53 AM IST
ছচিয়েল মিডিয়াত ভাইৰেল ‘ৰত্নাকৰ’! থানাত উপস্থিত হৈ ৰাইজক কি অনুৰোধ জনালে যতীন–নৱনীতাই?
কোনো লোকে ছবিগৃহৰ ভিতৰৰ পৰা ম’বাইলত ৰেকৰ্ডিং কৰি ফেচবুক আৰু ইউটিউবত ছবিখনৰ দৃশ্যাংশ ভাইৰেল কৰা বুলি অভিযোগ কৰিছে যতীন বৰাই।
News18-Assam
Updated: October 18, 2019, 9:53 AM IST
ব্লক ব্লাষ্টাৰ অসমীয়া ছবি ‘ৰত্নাকৰ’ ভাইৰেল ছচিয়েল মিডিয়াত। এই কথা ফেচবুক লাইভযোগে জনালে খোদ যতীন বৰা আৰু ‘ৰত্নাকৰ’ৰ প্ৰযোজিকা নৱনীতা শৰ্মাই। ফেচবুক আৰু ইউটিউবত ‘ৰত্নাকৰ’ৰ দৃশ্যাংশ ভাইৰেল হোৱাৰ পিছতে বৃহস্পতিবাৰে নিশা মহানগৰীৰ গীতানগৰ থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে যতীন বৰা আৰু নৱনীতা শৰ্মাই। কোনো লোকে ছবিগৃহৰ ভিতৰৰ পৰা ম’বাইলত ৰেকৰ্ডিং কৰি ফেচবুক আৰু ইউটিউবত ছবিখনৰ দৃশ্যাংশ ভাইৰেল কৰা বুলি অভিযোগ কৰিছে যতীন বৰাই।

ফেচবুক লাইভযোগে যতীন বৰাই কয় – এইদৰে ভিডিঅ’ ৰেকৰ্ডিং নকৰিবলৈ বা আপলোড নকৰিবলৈ মই সকলোকে অনুৰোধ জনাইছিলো। কিন্তু এতিয়া উপায় নোহোৱাত থানালৈ আহিবলগীয়া হৈছে, গীতানগৰ থানাত মই এজাহাৰ দিছো। কোনো কোনোৱে মোৰ চিনেমাখন ছচিয়েল মিডিয়াত আপলোড কৰিছে। যিয়ে আপলোড কৰিছে, তেওঁ জে’ললৈ যাব লাগিব। দোষীয়ে শাস্তি পাবই।

আনহাতে, ছবিখনৰ প্ৰয়োজিকা নৱনীতা শৰ্মাই কয় যে আমি বাৰে বাৰে ৰাইজক অনুৰোধ জনাইছিলো। ইমানখিনি কোৱাৰ পিছতো কিয় কোনেও নুশুনিলে মই ধৰিব পৰা নাই। আপোনালোকে আমাক ভাল পায় জানো, কিন্তু ভালপোৱাটো ইমান বেছি আবেগিক হ’ব নালাগে যে কোনোবাই চিনেমাখন ৰেকৰ্ডিং কৰি ফেচবুক বা ইউটিউবত আপলোড কৰিব। এনেকুৱা ভাল দিনৰ মাজত যেতিয়া কোনো দুষ্টচক্ৰই এনে কাম কৰে তেতিয়া সঁচাই খুব দুখ লাগে। যিয়ে এই কাম কৰিছে তেওঁ সাৰি নাযাব। লগতে এনেধৰণৰ কাম কোনোবাই কৰিলে জনাবলৈ অনুৰোধ জনায় নৱনীতা শৰ্মাই।

এয়াও চাওক : ফেচবুক, ইউটিউবত আপলোড ‘ৰত্নাকৰ’, ফেচবুক লাইভত কি ক’লে যতীন বৰাই?
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি