নতুন ৰাজ্যিক চলচিত্ৰ নীতিয়ে কঢ়িয়াইছে অসমীয়া ছবিলৈ আশাৰ বতৰা! চলচিত্ৰ সমাজৰ আদৰণী

অসমীয়া চলচিত্ৰ সমাজে আদৰণী জনাইছে নতুন ৰাজ্যিক চলচিত্ৰ নীতিক, এতিয়া ৩৬৫ দিনেই হলত অসমীয়া চিনেমা চলাৰ এক পৰিবেশ সৃষ্টি হোৱাৰ লগতে, ইচ্ছা কৰিলেই চলচ্চিত্ৰ নির্মাতাই হলত অসমীয়া ছবি প্ৰদৰ্শন কৰিব পাৰিব!

News18-Assam
Updated:July 24, 2019, 3:08 PM IST
নতুন ৰাজ্যিক চলচিত্ৰ নীতিয়ে কঢ়িয়াইছে অসমীয়া ছবিলৈ আশাৰ বতৰা! চলচিত্ৰ সমাজৰ আদৰণী
অসমীয়া চলচিত্ৰ সমাজে আদৰণী জনাইছে নতুন ৰাজ্যিক চলচিত্ৰ নীতিক, এতিয়া ৩৬৫ দিনেই হলত অসমীয়া চিনেমা চলাৰ এক পৰিবেশ সৃষ্টি হোৱাৰ লগতে, ইচ্ছা কৰিলেই চলচ্চিত্ৰ নির্মাতাই হলত অসমীয়া ছবি প্ৰদৰ্শন কৰিব পাৰিব!
News18-Assam
Updated: July 24, 2019, 3:08 PM IST
দীৰ্ঘদিনৰ পৰা অসমীয়া ছবিৰ লগত জড়িত কলা কৌশলী সকলে জনাই অহা দাবীৰ প্ৰতি এইবাৰ সন্মান প্ৰদৰ্শন কৰিছে অসম চৰকাৰে। ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ দীৰ্ঘদিনীয়া দাবী, অসম চলচ্চিত্ৰ নীতিক অনুমোদন জনালে ৰাজ্য চৰকাৰৰ কেবিনেটে। ৰাজ্য চৰকাৰৰ এই ইতিবাচক সঁহাৰিৰ বাবে মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগক ধন্যবাদ জনাইছে ৰাজ্যৰ চলচ্চিত্ৰ সমাজে। গুৱাহাটী নেমকেয়াৰ হাস্পতালৰ প্ৰেক্ষাগৃহত সংবাদমেল সম্বোধন কৰি অসমীয়া বোলছবিজগতৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে কেবিনেটৰ নতুন সিদ্ধান্তক আদৰণি জনায়।

সংবাদমেলত উপস্থিত থাকি ৰাজ্যৰ বিশিষ্ট ছবি পৰিচালক ৰাজেশ ভূঞাই চৰকাৰে নতুন চলচিত্ৰ নীতিত অনুমোদন জনাই  অসমীয়া ছবিকলৈ দেখা বিজু ফুকন, আব্দুল মজিদ, মুনিন বৰুৱাৰ সপোন এতিয়া পূৰণ হোৱাৰ পথত বুলি উল্লেখ কৰে। লগতে পৰিচালক ভূঞাই কয় যে নতুন চলচিত্ৰ নীতিৰ ফলত এতিয়া ৩৬৫ দিনেই হলত অসমীয়া চিনেমা চলাৰ এক পৰিবেশ সৃষ্টি হোৱাৰ লগতে, ইচ্ছা কৰিলেই চলচ্চিত্ৰ নির্মাতাই হলত অসমীয়া ছবি প্ৰদৰ্শন কৰিব পাৰিব বুলি উল্লেখ কৰে।



 

সংবাদমেলত উপস্থিত থাকি ৰাজ্যৰ বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে ৪০ বছৰ যুদ্ধ কৰাৰ অন্তত আজি এই নীতি ৰাজ্যৰ চলচিত্ৰ উদ্যোগটোৱে লাভ কৰিছে বুলি উল্লেখ কৰে। লগতে মলয়া গোস্বামীয়ে কয় যে–‘চিনেমা হলৰ ক্ষেত্ৰত চৰকাৰে উত্তম সিদ্ধান্ত গ্ৰহণ কৰিছে। জ্যোতি চিত্ৰবনৰ কাঠামো আৰু উন্নত হ’ব। আমাৰ দায়িত্ব আগতকৈ বাঢ়িব যাতে দৰ্শকক এখন ভাল চিনেমাৰ সোৱাদ দিব পাৰো।‘

উল্লেখ যে যোৱা ২২ জুলাই তাৰিখে ৰাজ্যিক কেবিনেটে অসম চলচিত্ৰ নীতি ২০১৯ক অনুমোদন জনায়।

নতুন নীতি অনুসৰি

১. প্ৰতিখন অসমীয়া বা জনগোষ্ঠীয় ভাষাৰ ছবিৰ বাবে ২৫ লাখ টকালৈকে দিয়া হ’ব ৰাজ সাহাৰ্য।

২. ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে চলচিত্ৰ নিৰ্মাতাক সমুদায় ধন পৰিশোধ কৰা হ’ব।

৩. ৰাষ্টীয় পুৰস্কাৰ পালে পাব ১ কোটি টকা

৪. অস্কাৰলৈ গ’লে পাব ২ কোটি টকা

৫. প্ৰতিটো চলচিত্ৰৰ টিকটৰ পৰা ১ টকাকৈ কলা কৌশলী সকলৰ ভৱিষ্যনিধি হিচাপে জমা ৰখা হ’ব।

অনুষ্ঠিত সংবাদমেলত অভিনেত্ৰী মলয়া গোস্বামী, মৃদুলা বৰুৱা, অভিনেতা ৰবি শৰ্মাকে ধৰি পৰিচালক ৰাজেশ ভূঞা, সংগীত পৰিচালক হিতেশ বৰুৱা উপস্থিত থাকে।
আৰু চাওক পৰৱৰ্তী বাতৰি