ছিংগাপুৰত অসমীয়া ছবি ‘আমিষ’–এ আঁজুৰি আনিলে দুটাকৈ পুৰস্কাৰ

ভাস্কৰ হাজৰিকাৰ ৰচনা আৰু পৰিচালনাত নিৰ্মিত ছবিখনত অভিনয় কৰা লীমা দাসে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।

News18-Assam
Updated:September 10, 2019, 12:42 PM IST
ছিংগাপুৰত অসমীয়া ছবি ‘আমিষ’–এ আঁজুৰি আনিলে দুটাকৈ পুৰস্কাৰ
ভাস্কৰ হাজৰিকাৰ ৰচনা আৰু পৰিচালনাত নিৰ্মিত ছবিখনত অভিনয় কৰা লীমা দাসে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।
News18-Assam
Updated: September 10, 2019, 12:42 PM IST
ছিংগাপুৰত অনুষ্ঠিত দক্ষিণ এছিয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চলচ্চিত্ৰ ‘আমিষ’–এ লাভ কৰিলে দুটাকৈ মূল বঁটা। ভাস্কৰ হাজৰিকাৰ ৰচনা আৰু পৰিচালনাত নিৰ্মিত ছবিখনত অভিনয় কৰা লীমা দাসে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। ভাস্কৰ হাজৰিকালৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ পৰিচালকৰ বঁটা।

তাৰ উপৰি ছবিখনৰ সম্পাদনা কৰা শ্বেতা ৰায় চামলিং শ্ৰেষ্ঠ সম্পাদক শাখাত পুৰস্কাৰৰ বাবে নিৰ্বাচিত হয়। ৭ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যায় বঁটা বিতৰণী অনুষ্ঠান। দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ছবি ‘আমিষ’ৰ লগতে জাহ্নু বৰুৱাৰ ‘ভগা খিৰিকী’–এ প্ৰতিদ্বন্দ্বিতা কৰিছিল। সৰ্বমুঠ ৪০খন চলচ্চিত্ৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে বাছনি কৰা হৈছিল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি