মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ডিব্ৰুগড়ৰ চুটি ছবি ‘কেনপচিয়া এক অনুভৱ’

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ডিব্ৰুগড়ৰ চুটি ছবি ‘কেনপচিয়া এক অনুভৱ’

News18 Assam | News18-Assam
Updated:July 22, 2021, 12:38 PM IST
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ডিব্ৰুগড়ৰ চুটি ছবি ‘কেনপচিয়া এক অনুভৱ’
পূৰ্বেও ছবিখনে তৃতীয় ভিণ্টেজ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ ২০২০ত শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল।

পূৰ্বেও ছবিখনে তৃতীয় ভিণ্টেজ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ ২০২০ত শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল।

  • Share this:
যোৱাটো বৰ্ষৰ লকডাউনৰ সময়ত ডিব্ৰুগড়ৰ এজন যুৱকে নিজ ঘৰতে নিৰ্মাণ কৰা এখন চুটি ছবিয়ে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় সন্মান। মৃদুপৱন বৰাৰ "কেনপচিয়া এক অনুভৱ"  নামৰ চুটি ছবিখনে ঔৰংগাবাদত অনুষ্ঠিত "Roshani International Film Festival" (RIFF) 2021  প্ৰতিযোগিতাত "Best Film at Special Lockdown Category"ত তৃতীয় শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। আমেৰিকাৰ এখন ছবিয়ে প্ৰথম, ব্ৰাজিলৰ এখন ছবিয়ে দ্বিতীয় স্থান আৰু ভাৰত তথা অসমৰ ডিব্ৰুগড়ৰ পৰা নিৰ্মাণ কৰা ছবিখনে তৃতীয় স্থান লাভ কৰে।

ছবিখনৰ পৰিচালনা তথা কাহিনী মৃদু পৱন বৰাৰ। সমগ্ৰ বিশ্বৰ বিভিন্ন ভাষাৰ মুঠ ৮০০ চুটি ছবি এই প্ৰতিযোগিতালৈ বাছনি হৈছিল। ছবিখনত অভিনয় কৰিছে মাজুলীৰ ৰাজেশ দাসে। ৰাজেশ দাস পেছাত এজন ৰাজমিষ্ট্ৰী। প্ৰথমবাৰৰ বাবে এই চুটি ছবিখনত অভিনয় কৰিছে ৰাজেশ দাসে। কাম কৰিবলৈ আহি যোৱাটো বৰ্ষৰ লকডাউনৰ সময়ত ডিব্ৰুগড়ত আবদ্ধ হৈ পৰা ৰাজেশ দাসক লৈ চুটি ছবিখন নিৰ্মাণ কৰিছিল মৃদুপৱন বৰাই।

আনহাতে, কোৰোণাৰ বিভীষিকাৰ বাবে বহিঃৰাজ্যৰ চাকৰি এৰি আহি ডিব্ৰুগড় বৈৰাগীমঠৰ নিজ গৃহলৈ ঘূৰি আহি মৃদুপৱন বৰাই লকডাউনৰ সময়ছোৱাত নিজা বাসগৃহত কোভিড প্ৰটকল মানি ছবিখনৰ দৃশ্যগ্রহণ তথা নিৰ্মাণ সম্পন্ন কৰিছিল। ১৫ মিনিট দৈৰ্ঘ্যৰ ছবিখনৰ সম্পাদনা ৰাকেশ চাংমাইৰ আৰু শব্দ–সংগীত ৰেহান ৰফিক আহমেদৰ। ৰেড কাৰ্ডিনেল ম’চন পিক্‌চাৰ ডিব্ৰুগড়ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে এই চুটি ছবিখন।

পূৰ্বেও ছবিখনে তৃতীয় ভিণ্টেজ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ ২০২০ত শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল। লণ্ডনৰ লিফ্‌ট অৱ ছেছন ২০২০ৰ প্রথমবাৰ ছবি নির্মাতা শাখাত লণ্ডনত অফিচিয়েল ছিলেকশ্যন, পুনে আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত অফিচিয়েল ছিলেকশ্যন, মার্কিন যুক্তৰাষ্ট্ৰৰ কেলিফর্নিয়াত ফিল্ম ফেয়াৰ ছবি মহোৎসৱত চূড়ান্ত প্রতিযোগী হিচাপে নিৰ্বাচিত হৈ সফলতা অৰ্জন কৰিছে এই 'Kenopsia এক অনুভৱে'। তদুপৰি গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা sanchita productionsৰ  "Hello tv short film festival 2020-2021"ত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা মুঠ ৬৩খন চুটি ছবিৰ ভিতৰত,  চুটি ছবি "Kenopsia এক অনুভৱ"–এ  মনোনয়ন পোৱাৰ লগতে Best Actor আৰু Best Sound শিতানত পুৰস্কাৰ আঁজুৰি আনিবলৈ সক্ষম হৈছিল।
Published by: Sanjay Kumar Das
First published: July 22, 2021, 12:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি