உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে মঙলদৈৰ অভিনেতা দ্বীপজ্যোতিয়ে। নিউয়ৰ্কৰ ছবি মহোৎসৱত প্ৰদৰ্শন হ’ব দ্বীপজ্যোতিৰ ছবি।

    অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে মঙলদৈৰ অভিনেতা দ্বীপজ্যোতিয়ে। নিউয়ৰ্কৰ ছবি মহোৎসৱত প্ৰদৰ্শন হ’ব দ্বীপজ্যোতিৰ ছবি।

    ‘বৰষুণ- চংছ ফ’ৰ ৰেইন‘ত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন লাভ কৰিছে দ্বীপজ্যোতি কলিতাই। পৰিচালক কৃষ্ণকান্ত বৰাইও শ্ৰেষ্ঠ পৰিচালকৰ মনোনয়ন লাভ কৰিছে।

    • Share this:
    কোৰোণাৰ আতংকৰ মাজতে ৰাজ্যৰ লগতে দৰং বাসীৰ বাবে সুখবৰ। অহা ৪ৰ পৰা ১৩ জুনলৈ নিউয়ৰ্কত হ’বলগীয়া নিউয়ৰ্ক-ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ শ্ৰেষ্ঠ অভিনেতাৰ দৌৰত পোন প্ৰথমবাৰৰ বাবে মনোনয়ন লাভ কৰিছে অসম সন্তান দ্বীপজ্যোতি কলিতািই। অভিনেতা দ্বীপজ্যোতি মঙলদৈৰ সন্তান।

    সাজ এণ্টাৰটেইনমেণ্ট প্ৰযোজিত আৰু কৃষ্ণকান্ত বৰা পৰিচালিত অসমীয়া পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘বৰষুণ- চংছ ফ’ৰ ৰেইন‘ত দূৰ্দান্ত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন লাভ কৰিছে  দ্বীপজ্যোতি কলিতাই। উল্লেখ্য যে, ‘বৰষুণ’ চলচ্চিত্ৰৰখনৰ পৰিচালক কৃষ্ণকান্ত বৰাইও শ্ৰেষ্ঠ পৰিচালকৰ মনোনয়ন লাভ কৰিছে।

    মঙলদৈ বামুণপাৰা নিবাসী, মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ডম্বৰুধৰ কলিতা আৰু গৃহিণী সফুৰা কলিতাৰ পুত্ৰ দ্বীপজ্যোতি কলিতাই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় চিকিমৰ পৰা ডিপ্ল’মা লাভ কৰি অপেছাদাৰী নাট্য জগতৰ সমান্তৰালকৈ চলচ্চিত্ৰ আৰু টেলিভিশ্যন ধাৰাবাহিকৰ অভিনয়ত আত্মনিয়োগ কৰে।

    তেওঁৰ প্ৰচেষ্টাত মঙলদৈত গঠন হোৱা জাগ্ৰত সাংস্কৃতিক গোষ্ঠীৰ জৰিয়তে বহু নতুন প্ৰতিভাক তেওঁ উদ্ভাসিত কৰিবলৈ সক্ষম হৈছে। সৰুৰে পৰা অভিনয়ক পেচা হিচাপে লোৱা দ্বীপজ্যোতিয়ে বহুকেইখন চলচিএ আৰু ধাৰাবাহিকত বলিস্থ অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে ৷
    Published by:Manjumoni Borah
    First published: