ছবিগৃহত অসমীয়া ছবিৰ প্ৰদৰ্শন বাধ্যতামূলক! ৪০বছৰীয়া অপেক্ষাৰ অন্তত অসমীয়া ছবি উদ্যোগলৈ আশাৰ ৰেঙণি

ৰাজ্য চৰকাৰে প্ৰণয়ন কৰিলে এখন পূৰ্ণাংগ আৰু শক্তিশালী চলচ্চিত্ৰ নীতি। ছবিজগতৰ উত্তৰণৰ কাৰণে শিল্পী–কলা কৌশলীক মিলিত প্ৰচেষ্টাত এখন ভিজন ডকোমেণ্ট প্ৰস্তুতৰ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

News18-Assam
Updated:August 26, 2019, 8:10 PM IST
ছবিগৃহত অসমীয়া ছবিৰ প্ৰদৰ্শন বাধ্যতামূলক! ৪০বছৰীয়া অপেক্ষাৰ অন্তত অসমীয়া ছবি উদ্যোগলৈ আশাৰ ৰেঙণি
Assamese Film Policy
News18-Assam
Updated: August 26, 2019, 8:10 PM IST
সকলোৰে সপোন থাকে নিজৰ আঞ্চলিক ভাষাৰ ছবি উদ্যোগটোক ডাঙৰকৈ চোৱাৰ!  ১৯৩৫ চনতে প্ৰথমবাৰৰ কাৰণে অসমীয়া ভাষাত ছবি নিৰ্মাণ হৈছিল যদিও বিভিন্ন সমস্যাৰ সন্মুখীন হৈ এটাসময়ত একেবাৰে দুৰ্বল হৈ পৰিছিল অসমীয়া ছবি উদ্যোগটো। সমসাময়িক কলিকতা, মাৰাঠী, পাঞ্জাৱী ছবি সময়ত বহু দূৰ আগবাঢ়ি গ’ল যদিও, থাকি গ’ল অসমীয়া ছবি উদ্যোগ।

অসমীয়া ছবি উদ্যোগক সবল কৰি তোলাৰ লগতে এখন শক্তিশালী চলচিত্ৰ নীতি প্ৰস্তুত কৰিবৰ বাবে দীৰ্ঘদিন ধৰি চৰকাৰক দাবী কৰি আহিছিল অসমীয়া ছবিৰ সৈতে জড়িত কলা কৌশলী সকলে। ২০১৬ চনত সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে, ৰাজ্যৰ চলচিত্ৰক শক্তিশালী কৰি তুলিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লয়।

চলচিত্ৰ উদ্যোগক নতুনকৈ জীৱন দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰণয়ন কৰে এখন পূৰ্ণাংগ আৰু শক্তিশালী চলচ্চিত্ৰ নীতি। ফলস্বৰূপে প্ৰায় ৪০বছৰীয়া অপেক্ষাৰ অন্তত অসমীয়া চলচ্চিত্ৰ উদ্যোগটোলৈ এতিয়া আহিছে কিছু আশাৰ ৰেঙণি।

কি কি থাকিব এই চলচ্চিত্ৰ নীতিত

প্ৰতিদিনেই ছবিগৃহত আঞ্চলিক ভাষাৰ ছবি প্ৰদৰ্শনৰ ব্যৱস্থা।

25 খন পৰ্যন্ত ছবিলৈ প্ৰযোজনা ব্যয়ৰ 25 শতাংশ পৰ্যন্ত আৰ্থিক সাহায্য।

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সন্মান লাভ কৰা ছবিলৈ 20 লাখৰ পৰা 2 কোটি টকালৈ আৰ্থিক সাহায্য।

ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত ছবিলৈও থাকিব আৰ্থিক সাহায্য, আৰু পৰৱৰ্তী ছবি নিৰ্মাণৰ বাবে সহযোগিতা।

নতুন ছবিগৃহ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য।

জ্যোতি চিত্ৰবনৰ আধুনিকীকৰণৰ ব্যৱস্থা,যত নিৰ্মাতা সকলে ৰেহাই মূল্যত লাভ কৰিব সুবিধা ।

20খনকৈ আঞ্চলিক ভাষাৰ ছবিক আৰ্থিক সাহায্য প্ৰদান।

লগতে আৰু বিভিন্ন দিশ সামৰি ল’ব চলচিত্ৰ নীতিখনে। এই নীতিৰ প্রণয়নৰ বাবে অসম চৰকাৰক ধন্যবাদ জনোৱাৰ উদ্দেশ্য মহানগৰীৰ জ্যোতি চিত্ৰবনত চলচ্চিত্ৰ সমাজে সোমবাৰে অনুষ্ঠিত কৰে এক বিশেষ অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ কুইন ওজা, সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, কৃষি মন্ত্ৰী অতুল বৰা, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মন্ত্ৰী পিয়ুষ হাজৰিকাকে ধৰি চলচিত্ৰ সমাজৰ কেইবাজনো ৰাজনৈতিক নেতা, শিল্পী কলা-কুশলী।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই গঢ় দি যোৱা অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৱে দীৰ্ঘদিনধৰি যুঁজ দি আছিল এখন পূৰ্ণাংগ চলচ্চিত্ৰ নীতিৰ কাৰণে ৷ মুনীন বৰুৱা, বিজু ফুকন, ইন্দ্ৰ বণিয়াকে ধৰি বহু কেইজন চলচ্চিত্ৰ জগতৰ নক্ষত্ৰই নেদেখিলে আজিৰ এই ইতিবাচক দিনটো ৷ এটা কথা ঠিক যে এই চলচ্চিত্ৰ নীতিয়ে ভাল চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সকলোকে উৎসাহী কৰাৰ লগতে নৱাগতসকলোকো যে অনুপ্ৰেৰণা যোগাব সেয়া ধূৰূপ ৷

 গুঞ্জন কলিতা আৰু ৰাজু বৰুৱাৰ প্ৰতিবেদন
আৰু চাওক পৰৱৰ্তী বাতৰি