Filmfare Award: টিকট বিক্ৰীৰ ৫০ শতাংশ ধন মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব TOI গ্ৰুপে

News18-Assam
Updated:November 25, 2019, 1:15 PM IST
Filmfare Award: টিকট বিক্ৰীৰ ৫০ শতাংশ ধন মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব TOI গ্ৰুপে
গুৱাহাটীত ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠিত কৰিবলৈ আনুষ্ঠানিক ভাবে সম্পন্ন হ’ল অসম চৰকাৰ আৰু Times Of India ৰ মাজত চুক্তি

গুৱাহাটীত ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠিত কৰিবলৈ আনুষ্ঠানিক ভাবে সম্পন্ন হ’ল অসম চৰকাৰ আৰু Times Of India ৰ মাজত চুক্তি

  • Share this:
গুৱাহাটীত ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠিত কৰিবলৈ আনুষ্ঠানিক ভাবে সম্পন্ন হ’ল অসম চৰকাৰ আৰু Times Of India ৰ মাজত চুক্তি। গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত অনুষ্ঠিত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতি সম্পন্ন হয় চুক্তি। উপস্থিত থাকে টাইমছ অৱ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক বিনীত জৈন।

চুক্তি অনুসৰি  ফিল্মফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠানত বিক্ৰী হোৱা টিকটৰ ৫০ শতাংশ ধন মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ আগবঢ়াব times of India group এ। সেইদৰে অনুষ্ঠানটোৰ জৰিয়তে  ২০০কোটি লোকক  সাঙুৰি লোৱাৰ লক্ষ্য অসম পৰ্যটন নিগমৰ। পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে, এইবাৰৰ Filmfare Award  বলিউদ আৰু অসমীয়া চলচিত্ৰ জগতৰ মাজত সাঁকো সদৃশ হ’ব।

ফিল্ম ফেয়াৰ অনুষ্ঠানত বলিউডৰ কলা কুশলী সকলৰ সৈতে অসমৰ চলচিত্ৰ জগতৰ শিল্পী সকলৰ মাজত সমন্বয় গঢ়িব পৰা আলোচনা অনুষ্ঠিত কৰাৰ বাবে the times group ক অনুৰোধ জনাই জয়ন্ত মল্ল বৰুৱাই।
আৰু চাওক পৰৱৰ্তী বাতৰি