কপিল শৰ্মা শ্ব’ত অসমৰ বৰ্ণালী, অসমলৈ বান সাহায্য আগবঢ়োৱাৰ বাবে অক্ষয় কুমাৰক জনালে ধন্যবাদ!

News18-Assam
Updated:August 13, 2019, 3:16 PM IST
কপিল শৰ্মা শ্ব’ত অসমৰ বৰ্ণালী, অসমলৈ বান সাহায্য আগবঢ়োৱাৰ বাবে অক্ষয় কুমাৰক জনালে ধন্যবাদ!
Source- Google

অক্ষয় কুমাৰ আৰু সোনাক্ষী সিন্হাৰ সৈতে একেলগে গীতো পৰিবেশন কৰে অসমৰ বৰ্ণালীয়ে!

  • Share this:
দেশৰ অন্যতম জনপ্ৰিয় টেলিভিচন কমেডী শ্ব’ ‘দ্য কপিল শৰ্মা শ্ব’’ত এগৰাকী অসমীয়া জীয়ৰী। অসমত হোৱা বানপানীৰ সাহায্য হিচাপে ২ কোটি টকা অনুদান আগবঢ়োৱাৰ বাবে অভিনেতা অক্ষয় কুমাৰক ধন্যবাদ জনাবলৈকে বৰ্ণালী দেউৰী নামৰ অসমৰ যুৱতীগৰাকী  উপস্থিত থাকে কপিল শৰ্মা শ্ব’ত।



নৱতম ছবি মিছন মংগলৰ প্ৰচাৰৰ বাবে কপিল শৰ্মা শ্ব’লৈ আহিছিল অক্ষয় কুমাৰৰ লগতে ছবিখনত অভিনয় কৰা অভিনেত্ৰী ক্ৰমে তাপশ্ৰী পানু, সোনাক্ষী সিন্হা আৰু কীৰ্তি কুলহাৰী।



 

অনুষ্ঠানৰ মাজতে কপিল শৰ্মাই দৰ্শকৰ কিছু অভিজ্ঞতা সম্পৰ্কে জানিব বিচৰাত, অসমৰ বৰ্ণালী দেউৰীয়ে কেৱল অক্ষয়  কুমাৰক ধন্যবাদ জনাবলৈকে অনুষ্ঠানটোত থাকে বুলি জানিবলৈ দিয়ে। অসমত হোৱা বানপানীৰ সাহায্য হিচাপে ২ কোটি টকা অনুদান আগবঢ়োৱাৰ বাবে অক্ষয়ক ধন্যবাদ জনাই বৰ্ণালীয়ে।



পিছত অভিনেত্ৰীগৰাকীয়ে মঞ্চলৈ গৈ অক্ষয় কুমাৰ আৰু সোনাক্ষী সিন্হাৰ লগত গীতো পৰিবেশন কৰে। গীতটো কপিল শৰ্মালৈ আগবঢ়াই দি বৰ্ণালীয়ে কপিলক অসমীয়াতে ‘ মই তোমাক বহুত ভালপাঁও বুলি’ কয়।


অহা ১০ আগষ্টত সম্প্ৰচাৰ হ’ব অনুষ্ঠানটো।

 

 

 
First published: August 13, 2019, 3:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading