মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Actress Urmila Mahanta : বলীউডৰ নতুন ছবিত অসম কন্যা উৰ্মিলা মহন্ত, মনোজ বাজপেয়ীৰ সৈতে কৰিছে অভিনয়...

Actress Urmila Mahanta : বলীউডৰ নতুন ছবিত অসম কন্যা উৰ্মিলা মহন্ত, মনোজ বাজপেয়ীৰ সৈতে কৰিছে অভিনয়...

News18 Assam | News18-Assam
Updated:August 2, 2021, 10:02 PM IST
Actress Urmila Mahanta : বলীউডৰ নতুন ছবিত অসম কন্যা উৰ্মিলা মহন্ত, মনোজ বাজপেয়ীৰ সৈতে কৰিছে অভিনয়...
উৰ্মিলা মহন্ত, অভিনেত্ৰী

ডায়েল-১০০'(Dial 100) নামৰ এই নতুন ছবিখনত উৰ্মিলা মহন্ত (Urmila Mahanta)ৰ লগতে অভিনয় কৰিছে নীনা গুপ্তা, সাক্ষী তানৱাৰেও।

  • Share this:
বলীউডৰ এখন নতুন ছবিত দেখা যাব এগৰাকী অসম কন্যাক। ইতিমধ্যে নিজৰ অভিনয়েৰে বলীউডত নিজৰ খোপনি পুতিবলৈ সক্ষম হোৱা এইগৰাকী অসম কন্যা হৈছে উৰ্মিলা মহন্ত (Urmila Mahanta) । উৰ্মিলা মহন্তই এইবাৰ অভিনয় কৰিব বলীউডৰ বিখ্যত অভিনেতা মনোজ বাজপেয়ীৰ সৈতে। 'ডায়েল-১০০'(Dial 100) নামৰ এই নতুন ছবিখনত উৰ্মিলা মহন্তৰ লগতে অভিনয় কৰিব নীনা গুপ্তা, সাক্ষী তানৱাৰেও। অলপতে টুইটাৰত এখন পোষ্টাৰ শ্বেয়াৰ কৰি উৰ্মিলা মহন্তই নতুন ছবিখনৰ বিষয়ে জনাইছে অনুৰাগীক। ছবিখন পৰিচালনা কৰিছে ৰেঞ্চিল ডিচিলভাই।

টুইটটোত উৰ্মিলাই লখিছে, "মই এই প্ৰকল্পটোৰ অংশ হ’বলৈ পাই বহুত সুখী। ছবিখনত কাম কৰাৰ সুযোগ দিয়াৰ বাবে মই ৰেঞ্চিল ডি’চিলভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।" উৰ্মিলা মহন্তই লগতে মনোজ বাজপেয়ী, নীনা গুপ্তা, সাক্ষী তানৱাৰকো কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ্য যে ২০১৫ চনত উৰ্মিলা মহন্তই “মাঞ্জি-দ্য মাউণ্টেইন মেন” ছবিত নৱাজুদ্দিন ছিদ্দিকীৰ সৈতে অভিনয় কৰিছিল।

মুম্বাই আৰক্ষীৰ কল চেণ্টাৰত নিশা ঘটা এটা ঘটনাৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে এই ছবিখন । জৰুৰীকালীন ফোন কল এটাই কেনেকৈ সকলোৰে জীৱন সলনি কৰি দিব পাৰে সেয়াই টিনেমাখনৰ মূল কাহিনী। চিনেমাখনত এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে উৰ্মিলা মহন্তই । টুইটযোগে ছবিখনৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিছে উৰ্মিলা মহন্তই।

পুনেৰ ভাৰতীয় ছবি আৰু দুৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা উৰ্মিলা মহন্ত অসমৰ সোণাপুৰৰ বাসিন্দা । অসমীয়াৰ লগতে উৰ্মিলাই হিন্দী, তামিল আৰু বঙালী ছবিতো অভিনয় কৰাৰ লগতে বিভিন্ন ভাষাৰ নাটক, ছবি, দূৰদৰ্শনৰ ধাৰবাহিক আৰু চুটি ছবিত অভিনয় কৰিছে । আৰ বাল্কিৰ "পেডমেন"ত উৰ্মিলাই অভিনয় কৰিছিল । ডায়েল-১০০ ছবিখন সকলোৱে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিছে উৰ্মিলা মহন্তই ।
Published by: Manjumoni Borah
First published: August 2, 2021, 10:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি