মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»ছলমানৰ অন স্ক্ৰীণ No Kissing পলিচীক লৈ আৰবাজৰ উত্তৰ! “অফ স্ক্ৰীণতেই কৰি লয় সকলো ”...

ছলমানৰ অন স্ক্ৰীণ No Kissing পলিচীক লৈ আৰবাজৰ উত্তৰ! “অফ স্ক্ৰীণতেই কৰি লয় সকলো ”...

News18 Assam | News18-Assam
Updated:April 23, 2021, 4:39 PM IST
ছলমানৰ অন স্ক্ৰীণ No Kissing পলিচীক লৈ আৰবাজৰ উত্তৰ! “অফ স্ক্ৰীণতেই কৰি লয় সকলো ”...
ছলমানৰ No Kissing পলিচী সন্দৰ্ভত চৰ্চালৈ আহিছে ভাতৃ আৰবাজৰ মন্তব্য। আৰবাজে কৈছিল, “অফ-স্ক্ৰীণত ইমানেই কৰে যে অন-স্ক্ৰীণত কৰাৰ প্ৰয়োজন নাথাকে”

ছলমানৰ No Kissing পলিচী সন্দৰ্ভত চৰ্চালৈ আহিছে ভাতৃ আৰবাজৰ মন্তব্য। আৰবাজে কৈছিল, “অফ-স্ক্ৰীণত ইমানেই কৰে যে অন-স্ক্ৰীণত কৰাৰ প্ৰয়োজন নাথাকে”

  • Share this:
নিজৰ ৩ দশকজোৰা বলীউদ কেৰিয়াত কেতিয়াও অন স্ক্ৰীণ Kiss নকৰা ছলমান খানে শেহতীয়াকৈ “ৰাধে” ছবিৰ বাবে তেওঁৰ এই No Kissing পলিচী ভংগ কৰাৰ পিছতেই সম্প্ৰতি চৰ্চা লাভ কৰিছে এই বিষয়টোৱে ৷ বৃহস্পতিবাৰে ট্ৰেইলাৰ মুকলিৰ পিছতেই বিষয়টো পোহৰলৈ অহাত এতিয়া ইয়াক লৈ নানান চৰ্চা ৷

ইয়াৰ মাজতে ছলমান খানৰ ভাতৃ আৰবাজে কৰা এটা মন্তব্যও চৰ্চালৈ আহিছে ৷ No kissing পলিচী সম্পৰ্ক ডবাং খানে যি নক’লেও তেওঁৰ ভাতৃ আৰবাজ খানে কৈছিল এক আচৰিত কাৰণ । দুই ভাতৃ আৰবাজ আৰু চোহেইলৰ সৈতে দ্যা কপিল শৰ্মা শ্ব'ৰ ছেটত উপস্থিত হৈ তেওঁলোকে ইজনে আনজনৰ বিষয়ে কেইবাটাও আচৰিত কথা উন্মোচন কৰিছিল । ২০১৮ চনত ইনষ্টাগ্ৰামত চনী টিভি এণ্টাৰটেইনমেণ্টে শ্বেয়াৰ কৰা এটা পুৰণি প্ৰ'ম'ত ছলমানৰ No Kissing পলিচী সম্পৰ্কত আৰবাজে কৈছিল, “অফ-স্ক্ৰীণত ইমানেই কৰে যে অন-স্ক্ৰীণত কৰাৰ প্ৰয়োজন নাথাকে” ৷ যিয়ে আচৰিত কৰি তুলিছিল দৰ্শকক ৷

লক্ষ্যণীয় যে, ছয় বছৰ পূৰ্বে আথিয়া চেট্টী-সূৰজ পাঞ্চোলীৰ প্ৰথম ছবি “হিৰো”ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ডাবাং খানে কৈছিল, তেওঁ ভাৱে ৰূপালী পৰ্দাত Kissing দৃশ্যৰ কোনো প্ৰয়োজন নাই । লগতে হিৰো ছবিখনত Kissing দৃশ্য সম্পাদনা কৰাৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত ছলমানে কৈছিল, "ছবিখনত কোনো Kissing দৃশ্য নাই । আমি এটা ৰাখিব বিচাৰিছিলো কিন্তু চলচ্চিত্ৰ নিৰ্মাতাসকলে অস্বীকাৰ কৰিছিল। মই যিহেতু Kissing দৃশ্য কেতিয়াও কৰা নাই, তেনেস্থলত মই কেনেকৈ সূৰজ আৰু আথিয়াক এয়া কৰিবলৈ ক'ব পাৰো?

ইপিনে দ্যা হিন্দুৰ সৈতে হোৱা আন এক সাক্ষাৎকাৰতো অভিনেতাজনে কৈছিল যে তেওঁ পৰ্দাত কেতিয়াও নায়িকাক Kiss নকৰাৰ প্ৰকৃত কাৰণ হৈছে তেওঁ ইয়াক লৈ অস্বস্তি অনুভৱ কৰে ।

https://www.instagram.com/p/BsCtqdChP4s/?utm_source=ig_web_button_share_sheet

অৱশ্যে, শেহতীয়াকৈ মুক্তিপাবলগীয়া ছবি “ৰাধে: ইয়োৰ মোষ্ট ৱাণ্টেড ভাই”ত ছলমানক দিশা পাটানিৰ সৈতে অন স্ক্ৰীণত Lips kiss কৰা দেখিবলৈ পোৱা গৈছে । ছবিখনৰ একচন-পেকড ট্ৰেইলাৰৰ মাজতেই এই kissing দৃশ্য দেখিবলৈ পোৱা গৈছিল । যি দৃশ্য দেখা মাত্ৰকে ছলমানৰ অনুৰাগীসকলৰ এটা অংশ আচৰিত হৈ পৰাৰ লগতে আন একাংশই আকৌ তিনি দশকতকৈও অধিক সময়জোৰা কেৰিয়াৰত অৱশেষত বলীউডৰ চুপাৰষ্টাৰগৰাকীৰ প্ৰথমটো অন-স্ক্ৰীণ Kiss চাবলৈ পাই ছবিখনক লৈ উত্তেজনা প্ৰকাশ কৰিছে ।
Published by: Kokil Sarma
First published: April 23, 2021, 4:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি