এইবাৰ ক্ৰিকেট খেলিব অনুষ্কা শৰ্মাই, খেলপথাৰত নমাব ৬–৪ৰ বৰষুণ!

News18 Assam | News18-Assam
Updated:January 14, 2020, 11:30 AM IST
এইবাৰ ক্ৰিকেট খেলিব অনুষ্কা শৰ্মাই, খেলপথাৰত নমাব ৬–৪ৰ বৰষুণ!
Photo : Bhaskar.com

কিন্তু কিহৰ বাবে খেলপথাৰত নামিব অনুষ্কা শৰ্মা?

  • Share this:
বলীউদৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাই হাতত তুলি ল’ব বেট। কলকাতাৰ ইডেন গাৰ্ডেনৰ পৰা ভাইৰেল হোৱা এখন ফটোৱে এই ইংগিত দিছে। কিন্তু কিহৰ বাবে খেলপথাৰত নামিব অনুষ্কা শৰ্মা?

শ্বাহৰুখ খানৰ সৈতে জিৰ’ত অভিনয়ৰ পিছত এইবাৰ অনুষ্কাই অভিনয় কৰিব ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ঝুলন গোস্বামীৰ বায়’পিকত। ২৫ জানুৱাৰীৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব বুলি প্ৰকাশ পাইছে বলীউদ হাংগামাৰ ৰিপ’ৰ্টত।

ভাইৰেল হোৱা ফটোত অনুষ্কা শৰ্মাক ঝুলন গোস্বামীৰ সৈতে দেখা গৈছে। অনুষ্কাই ভাৰতীয় ক্ৰিকেট দলৰ পুৰণি জাৰ্ছী পিন্ধি থকা দেখা গৈছে। অৱশ্যে এতিয়ালৈ এই ছবিখনক লৈ কোনো মন্তব্য কৰা নাই অনুষ্কা শৰ্মাই।

ঝুলন গোস্বামী মিতালী ৰাজৰ পূৰ্বে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক আছিল। এগৰাকী সুদক্ষ অলৰাউণ্ডাৰ হিচাপে পৰিচিত ঝুলন গোস্বামী। ২০০৭ চনত আইচিচিৰ ফালৰ পৰা ঝুলনক Womens Player of the Year সন্মান প্ৰদান কৰা হৈছিল। ২০১১ চনত শ্ৰেষ্ঠ মহিলা খেলুৱৈ হিচাপে এম এ চিদাম্বৰম ট্ৰফীও লাভ কৰিছিল।
Published by: Sanjay Kumar Das
First published: January 14, 2020, 11:30 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading