পুনৰ ‘ইণ্ডিয়ান আইডল’ৰ পৰা বাহিৰ হ’ল অনু মালিক, কিন্তু কিয়?

News18-Assam
Updated:November 22, 2019, 9:43 AM IST
পুনৰ ‘ইণ্ডিয়ান আইডল’ৰ পৰা বাহিৰ হ’ল অনু মালিক, কিন্তু কিয়?
উল্লেখযোগ্য যে অনু মালিকৰ মন্তব্য অনুসৰি, অনু মালিকে নিজেই এই শ্ব’ এৰিছে। এই কামৰ বাবে চেনেলটোৱে তেওঁক হেঁচা দিয়া নাই।

উল্লেখযোগ্য যে অনু মালিকৰ মন্তব্য অনুসৰি, অনু মালিকে নিজেই এই শ্ব’ এৰিছে। এই কামৰ বাবে চেনেলটোৱে তেওঁক হেঁচা দিয়া নাই।

  • Share this:
সংগীতৰ ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়ান আইডল’ৰ ১১সংখ্যক সংস্কৰণত বিচাৰকৰ আসন শুৱনি কৰা সংগীত পৰিচালক অনু মালিকক পুনৰ বাহিৰ কৰি দিয়া হ’ল শ্ব’টোৰ পৰা। #MeTooৰ অভিযোগ অভিযুক্ত অনু মালিকক শ্ব’টোৰ বিচাৰক হোৱাৰ বিৰোধিতা কৰিছিল গায়িকা সোণা মহাপাত্ৰই। আচলতে, অনু মালিকৰ বিৰুদ্ধে সোণা মহাপাত্ৰ, শ্বেতা পণ্ডিতসহ কেইবাগৰাকীও যুৱতে উত্থাপন কৰিছিল যৌন উৎপীড়নৰ অভিযোগ।

সোণা মহাপাত্ৰই এক সংবাদ প্ৰতিষ্ঠানৰ আগত কয় – এয়া খুব ভাল খবৰ। ছনী চেনেলে এই সিদ্ধান্ত লোৱাত বহু সময় ল’লে যদিও মই সুখী যে শেষত অনু মালিকক বাহিৰ কৰি দিয়া হ’ল। এয়া সমগ্ৰ দেশৰ যুঁজ আছিল। এনেকুৱা বহু লোক আছিল যিসকলে অনু মালিকক এই শ্ব’ত চাব বিচৰা নাছিল।

সোণাই কয় যে মই সত্য আৰু ন্যায়ৰ বাবে যুঁজি আছিলো। এই খবৰ পাই মই ভাবিছো যে এয়া সকলোৰে বাবে এক জয়। কেৱল মোৰেই নহয়, এই লোকজনৰ দ্বাৰা প্ৰতাৰিত হোৱা প্ৰতিগৰাকী মহিলাৰ জয় এয়া। আমাৰ যুঁজ শেষ হোৱা নাই, এয়া আৰম্ভণিহে।



উল্লেখযোগ্য যে অনু মালিকৰ মন্তব্য অনুসৰি, অনু মালিকে নিজেই এই শ্ব’ এৰিছে। এই কামৰ বাবে চেনেলটোৱে তেওঁক হেঁচা দিয়া নাই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক
পৰৱৰ্তী বাতৰি