দ্বীপেন বৰুৱাৰ পৰা জুবিন গাৰ্গৰ গীতলৈকে- আকৰ্ষণীয় ৰূপত পৰিবেশন কৰি বিহুৰ শুভেচ্ছা জনালে অন্তৰা নন্দীয়ে

News18 Assam | News18-Assam
Updated:April 15, 2020, 5:25 PM IST
দ্বীপেন বৰুৱাৰ পৰা জুবিন গাৰ্গৰ গীতলৈকে- আকৰ্ষণীয় ৰূপত পৰিবেশন কৰি বিহুৰ শুভেচ্ছা জনালে অন্তৰা নন্দীয়ে
কণ্ঠশিল্পীগৰাকীয়ে গোৱা এনেদৰে পৰিবেশন কৰা গীতে এতিয়া ছচিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক চৰ্চা।

কণ্ঠশিল্পীগৰাকীয়ে গোৱা এনেদৰে পৰিবেশন কৰা গীতে এতিয়া ছচিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক চৰ্চা।

  • Share this:
এইবাৰ নাই আগৰ দৰেই বিহুৰ উচাহ। কোৰোণা ভাইৰাছৰ ফলত ৰঙ বিহীন ভাবেই পাৰ হৈ গ’ল হেঁচাহৰ ব’হাগ বিহুটি। মানুহৰ বিহুৰ দিনা ৰাজ্যৰ কণ্ঠশিল্পীসকলে ঘৰৰ পৰাই গীতেৰে ৰাজ্যবাসীক জনালে বিহুৰ শুভেচ্ছা।

তাৰ মাজতেই চৰ্চালৈ আহিছে চাৰেগামা লিটল চেমছৰ ফাইনেলিষ্ট অসমৰ জীয়ৰী অন্তৰা নন্দী। পুণেৰ পৰাই বিহুগীত পৰিবেশন কৰি অসমবাসীক বিহুৰ শুভেচ্ছা জনালে কণ্ঠশিল্পীগৰাকীয়ে।



শিৱসাগৰৰ জীয়ৰী অন্তৰাই পৰিবেশন কৰিলে বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ ‘কাক বুলিলো’ৰ পৰা জুবিন গাৰ্গে কণ্ঠদান কৰা বিহুগীত ‘ফুল ফুলিছে বসন্ত’লৈকে। কণ্ঠশিল্পীগৰাকীয়ে গোৱা এনেদৰে পৰিবেশন কৰা গীতে এতিয়া ছচিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক চৰ্চা।
Published by: Himangshu Bhuyan
First published: April 15, 2020, 5:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading