প্ৰতিশ্ৰুতি ৰাখিলে অমিতাভ বচ্চনে, পুলৱামা কাণ্ডৰ শ্বহীদৰ পৰিয়াললৈ আৰ্থিক সাহায্য

অমিতাভ বচ্চনৰ এই পদক্ষেপৰ বাবে প্ৰশংসাৰ লগতে পাইছে শ্বহীদ পৰিয়ালৰ আশীৰ্বাদো।

news18assam
Updated:June 14, 2019, 3:52 PM IST
প্ৰতিশ্ৰুতি ৰাখিলে অমিতাভ বচ্চনে, পুলৱামা কাণ্ডৰ শ্বহীদৰ পৰিয়াললৈ আৰ্থিক সাহায্য
অমিতাভ বচ্চনৰ এই পদক্ষেপৰ বাবে প্ৰশংসাৰ লগতে পাইছে শ্বহীদ পৰিয়ালৰ আশীৰ্বাদো।
news18assam
Updated: June 14, 2019, 3:52 PM IST
বলীউদৰ মহানায়ক অমিতাভ বচ্চনে শেহতীয়াকৈ বিহাৰৰ ২ হাজাৰৰো অধিক কৃষকৰ ঋণ পৰিশোধ কৰিছে। এই সন্দৰ্ভত অমিতাভ বচ্চনে ব্লগত লিখিছে – ‘এটা প্ৰতিশ্ৰুতি আছিল যিটো পূৰণ হ’ল... বিহাৰত ২১০০ কৃষকে ঋণ পৰিশোধ কৰিব পৰা নাছিল। এইসকলৰ ভিতৰত একাংশক শ্বেতা আৰু অভিষেকে নিজেই ধন আগবঢ়াইছে।’

এই ব্লগটোৰ পিছতে তেওঁ লিখিছিল যে আৰু এটা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ বাকী আছে। অমিতাভ বচ্চনৰ এই প্ৰতিশ্ৰুতিটো আছিল পুলৱামা কাণ্ডৰ শ্বহীদৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান। যিটো প্ৰতিশ্ৰুতি পূৰণ কৰিলে অভিনেতাগৰাকীয়ে। অৱশ্যে আৰ্থিক সাহায্যৰ পৰিমাণ এতিয়ালৈ জানিব পৰা হোৱা নাই। অমিতাভ বচ্চনৰ এই পদক্ষেপৰ বাবে প্ৰশংসাৰ লগতে পাইছে শ্বহীদ পৰিয়ালৰ আশীৰ্বাদো।



উল্লেখযোগ্য যে বিগত বৰ্ষতো অমিতাভ বচ্চনে উত্তৰ প্ৰদেশৰ এহেজাৰৰো অধিক কৃষকৰ ঋণ পৰিশোধ কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি