‘লাল সিং চাদ্ধা‘ ছবিৰে আকৌ এবাৰ বক্স অফিছত যাদু দেখুৱাব আমীৰ খানে!

বৃহস্পতিবাৰে আমীৰ খানে আনুষ্ঠানিক ভাবে ঘোষনা কৰে নিজৰ পৰৱৰ্তী ছবিৰ নাম।

news18assam
Updated:June 8, 2019, 7:53 AM IST
‘লাল সিং চাদ্ধা‘ ছবিৰে আকৌ এবাৰ বক্স অফিছত যাদু দেখুৱাব আমীৰ খানে!
বৃহস্পতিবাৰে আমীৰ খানে আনুষ্ঠানিক ভাবে ঘোষনা কৰে নিজৰ পৰৱৰ্তী ছবিৰ নাম।
news18assam
Updated: June 8, 2019, 7:53 AM IST
বৃহস্পতিবাৰে আমীৰ খানে আনুষ্ঠানিক ভাবে ঘোষনা কৰে নিজৰ পৰৱৰ্তী ছবিৰ নাম।‘লাল সিং চাদ্ধা‘ নামৰ এখন ব্যতিক্ৰমী  ছবিৰ পৰিকল্পনা কৰিছে আমীৰ খানে। ইতিমধ্যে ছবিখনৰ পাৰম্ভিক কাম–কাজ আৰম্ভ কৰিছে আমীৰ খানে। নতুন ছবিখনক লৈ এতিয়া যথেষ্ট আশাবাদী আমীৰ খান।



ছবিখন প্ৰযোজনা কৰিব ‘Viacom18 Motion Pictures‘ আৰু ‘Aamir Khan Productions’ এ। ২০২০ ত মুক্তি পাবলগীয়া ছবিখন পৰিচালনা কৰিব আডভেইদ চন্দনে। ছবিখনত মুখ্য ভুমিকাত দেখা যাব আমীৰ খানে। ইতিমধ্যে ছবিখনৰ বাবে নিজক নতুনকৈ সজাই তুলিছে অভিনেতাজনে।



উল্লেখযোগ্য যে ১৯৯৪ চনত মুক্তি লাভ কৰা  টম হাংকৰ ‘Forrest Gump’ ছবিখনে ৬ টাকৈ অস্কাৰ বটা জয় কৰিছিল। চলিত বৰ্ষৰ পৰা আমীৰ আনে নিজৰ নতুন ছবিখনৰ শ্বুটিং আৰম্ভ কৰিব। ইতিমধ্যে ছবিখনৰ বাবে নিজৰ ২০ কেজি ওজন হ্ৰাস কৰিছে আমীৰ খানে।




আমীৰ খানৰ শেহতীয়া ছবি আছিল থাগছ অৱ হিন্দুস্থান। অমিতাভ বচ্চনৰ লগতে ছবিখনত একেলগে অভিনয় কৰিছিল আমীৰ খানে।কিন্তু ছবিখনে দৰ্শকক নিৰাশ কৰাৰ লগতে বক্স অফিছতো বেয়াকৈ মুখ থেকেচা খাইছিল।

 
আৰু চাওক পৰৱৰ্তী বাতৰি