‘তেওঁ মোক বাথৰুমত বন্ধ কৰি থোৱাৰ ভাবুকি দিয়ে...’ আলিয়া ভাটে পিতৃ মহেশ ভাটক লৈ প্ৰকাশ কৰিলে অজানা কথা

News18 Assam | News18-Assam
Updated:April 5, 2021, 4:56 PM IST
‘তেওঁ মোক বাথৰুমত বন্ধ কৰি থোৱাৰ ভাবুকি দিয়ে...’ আলিয়া ভাটে পিতৃ মহেশ ভাটক লৈ প্ৰকাশ কৰিলে অজানা কথা
এক সাক্ষাৎকাৰত বলিউদী তাৰকা আলিয়া ভাটে পিতৃ মহেশ ভাটক লৈ কয় যে তেওঁক লৈ অতি চিন্তিত হৈ থাকে তেওঁৰ পিতৃ, যাৰ বাবে কথাই কথাই পিতৃয়ে তেওঁক ধমক দিছিল ।

এক সাক্ষাৎকাৰত বলিউদী তাৰকা আলিয়া ভাটে পিতৃ মহেশ ভাটক লৈ কয় যে তেওঁক লৈ অতি চিন্তিত হৈ থাকে তেওঁৰ পিতৃ, যাৰ বাবে কথাই কথাই পিতৃয়ে তেওঁক ধমক দিছিল ।

  • Share this:
এক সাক্ষাৎকাৰত বলিউদী তাৰকা আলিয়া ভাটে পিতৃ মহেশ ভাটক লৈ কয় যে তেওঁক লৈ অতি চিন্তিত হৈ থাকে তেওঁৰ পিতৃ, যাৰ বাবে কথাই কথাই পিতৃয়ে তেওঁক ধমক দিছিল ।

ইয়াত কোনো সন্দেহ নাই যে নিয়মীয়া কামৰ বোজাৰ বাবে এক ব্যস্ত জীৱন যাপন কৰে বি-টাউনৰ তাৰকাসকলে ৷ যিয়ে তেওঁলোকৰ ব্যক্তিগত জীৱনতো যথেষ্ট প্ৰভাৱ পেলায় আৰু ইয়াৰ বাবেই তেওঁলোকে আপোনজনৰ সৈতে অতি কম সময় কটাবলৈহে সুযোগ লাভ কৰে । বলিউদী তাৰকা আলিয়াৰ পিতৃ মহেশ ভাটো সেইসকলৰ ভিতৰত এজন, যিয়ে নিজৰ কেৰিয়াৰৰ সময়ত এনে সকলো কথাৰ সন্মুখীন হ'বলগীয়া হৈছিল ।

পেছাদাৰী প্ৰতিশ্ৰুতিৰ বাবে মহেশ ভাটে কেৱল তেওঁৰ পৰিয়ালৰ পৰা দূৰৈত থকাই নহয়, আনকি আলিয়াৰ অনুপস্থিতিয়েও তেওঁক খুলি খুলি খাইছিল ৷ যাৰ ফলত জীয়ৰীৰ প্ৰতি তেওঁ অতি কঠোৰ হৈ পৰিছিল। যেতিয়াই মহেশ ভাটৰ সন্মুখত আলিয়াৰ বিবাহৰ কথা কোৱা হয় , তেতিয়াই তেওঁ এই কথাৰ পৰা আঁতৰি যাব বিচাৰে আৰু কথাি কথাই আলিয়াক ধমক দিবলৈ লয় ।

'বাথৰুমত লক কৰাৰ ভাবুকি দিয়ে -

দৰাচলতে, এক সাক্ষাৎকাৰত আলিয়াই এই কথা প্ৰকাশ কৰি কয়, “প্ৰতিজন দেউতাকৰ দৰেই মোৰ দেউতাইও নিজৰ ছোৱালীক বিয়া দিব নিবিচাৰে । মোৰ দেউতাই আমাৰ বিষয়ে বহুত চিন্তা কৰে । তেওঁ যদি পাৰিলে হয়, তেন্তে মোৰ আৰু ভন্তী শ্বাহীনক কেতিয়াও বিয়া নিদিলে হয় ।”

লগতে আলিয়াই কয়, এবাৰ মোৰ দেউতাই মোক কৈছিল যে আমি তেওঁৰ অনুমতি অবিহনে কোনো ঠাইলৈ যাব নোৱাৰো, অন্যথা তেওঁ আমাক এটা কোঠাত বন্ধ কৰি ৰাখিব। "যেতিয়াই বিয়াৰ কথা আহিছিল, তেওঁ মোক বাথৰুমত লক কৰাৰ ভাবুকি দিছিল। তেওঁ মোক বিয়া দিব নিবিচাৰে কিয়নো তেওঁ ভয় কৰে যে মই তেওঁৰ পৰা আঁতৰি যাম বুলি। ”

অৱশ্যে, আলিয়াই আজিৰ দিনবোৰত ৰণবীৰ কাপুৰক ডেটিং কৰি আছে আৰু এই বছৰৰ শেষলৈ বিয়া হ'ব বুলি আশা কৰা হৈছে।
Published by: Kokil Sarma
First published: April 3, 2021, 7:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি