আহি আছে সঞ্জয় লীলা ভাঞ্চালীৰ ‘গংগুবাই কাঠিয়াৱাড়ী’, মূল চৰিত্ৰত অভিনয় কৰিব আলিয়া ভাটে

মুম্বাইৰ বিয়াগোম মাফিয়াৰ পৰা নেতালৈকে আছিল গংগুবাইৰ হাত। তেওঁৰ জীৱনৰ ওপৰত আধাৰিত হ’ব ‘গংগুবাই কাঠিয়াৱাড়ী’ ছবিখন।

News18-Assam
Updated:October 21, 2019, 11:49 AM IST
আহি আছে সঞ্জয় লীলা ভাঞ্চালীৰ ‘গংগুবাই কাঠিয়াৱাড়ী’, মূল চৰিত্ৰত অভিনয় কৰিব আলিয়া ভাটে
Photo : thestatesman.com
News18-Assam
Updated: October 21, 2019, 11:49 AM IST
সঞ্জয় লীলা ভাঞ্চালাৰীৰ আহিবলগীয়া ছবি ‘গংগুবাই কাঠিয়াৱাড়ী’ত মূল চৰিত্ৰত অভিনয় কৰিব আলিয়া ভাটে। ২০২০ চনৰ ১১ ছেপ্টেম্বৰত মুক্তিলাভ কৰিব ছবিখনে। আলিয়া ভাটৰ উপৰি ছবিখনত কোন অভিনেতা–অভিনেত্ৰী থাকিব সেয়া এতিয়ালৈ ঘোষণা হোৱা নাই। গংগুবাই মুম্বাইৰ মাফিয়া কুইন আছিল। মুম্বাইৰ বিয়াগোম মাফিয়াৰ পৰা নেতালৈকে আছিল গংগুবাইৰ হাত। তেওঁৰ জীৱনৰ ওপৰত আধাৰিত হ’ব ‘গংগুবাই কাঠিয়াৱাড়ী’ ছবিখন।

সংবাদ প্ৰতিষ্ঠান ভাষাৰ মতে, জয়ন্তীলাল গডাৰ পেন ইণ্ডিয়া লিমিটেডৰ সৈতে সঞ্জয় লীলা ভাঞ্চালীয়ে নিৰ্মাণ কৰিব ছবিখন। গংগুবাই কাঠিয়াৱাড়ী ছবিখনৰ বিষয়ে ঘোষণাৰ এমাহ পূৰ্বে আলিয়াই কৈছিল যে তেওঁ এগৰাকী প্ৰতিষ্ঠিত ছবি নিৰ্মাতাৰ সৈতে শীঘ্ৰে কাম আৰম্ভ কৰিব পাৰে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি