• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • চড়ক-২ৰ ট্ৰেইলাৰত ৯৫ শতাংশ ডিচলাইক, সৰ্বত্ৰ আলিয়া ভাটৰ ছবি বয়কট কৰাৰ দাবী

চড়ক-২ৰ ট্ৰেইলাৰত ৯৫ শতাংশ ডিচলাইক, সৰ্বত্ৰ আলিয়া ভাটৰ ছবি বয়কট কৰাৰ দাবী

ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতে ছচিয়েল মিডিয়াত হৈছে ট্ৰ’ল। উঠিছে বয়কটৰ দাবী। আনকি এতিয়া ইউটিউবত লাইকতকৈ বাঢ়িল ডিচলাইকৰ সংখ্যা।

  • Share this:
অহা ২৮ আগষ্টত মুক্তিলাভ কৰিব চড়ক-২। ১৯৯১ চনৰ ছুপাৰহিট ছবি ‘চড়ক’ৰ চিকুৱেল হ’ল চড়ক২। ছবিখনত অভিনয় কৰিছে সঞ্জয় দত্ত, আলিয়া ভাট, আদিত্য ৰয় কাপুৰ আদিৰ দৰে শিল্পীয়ে। কিন্তু ছবিখন মুক্তিৰ পূৰ্বেই এতিয়া শলঠেকত পৰিছে প্ৰযোজক-পৰিচালক মহেশ ভাট। ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ পিছতে ব্যাপক ভাবে ট্ৰ’ল হৈছে ছচিয়েল মিডিয়াত।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে বলীউদৰ বহু ভিতৰুৱা কথা পোহৰলৈ আহিছে। বলীউদৰ ভিতৰচঁৰাৰ স্বজন-তোষণ নীতি, মহেশ ভাটৰ সৈতে সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ সম্পৰ্ক আদি বিভিন্ন কথা বতৰাৰে গৰম হৈ আছে বলীউদ। এতিয়া ইয়াৰ প্ৰভাৱেই ছবিখনৰ ওপৰত পৰিছে বুলি দাবী কৰিছে বহুতে।

ছবিখনৰ ট্ৰেইলাৰ ৰিলিজ হোৱাৰ সময়ৰ পৰাই আৰম্ভ হৈছে ট্ৰ’লিং। ছবিখনৰ ট্ৰেইলাৰ ৯৫ শতাংশ লোকে ডিচলাইক কৰিছে ইউটিউবত। গঢ়ি উঠিছে ছবিখন বয়কট কৰাৰ জনমত।অহা ২৮ আগষ্টত মুক্তি লাভ কৰিব ছবিখনে। ল’ক ডাউনৰ বাবে যিহেতু ছবিগৃহ বন্ধ গতিকে ছবিখন মুক্তি দিয়া হ’ব হটষ্টাৰত।
Published by:Himangshu Bhuyan
First published: