ক’ৰ নাগৰিক হয় অক্ষয় কুমাৰ? নিজেই ক’লে অভিনেতাজনে।

অৱশেষত এই বিতৰ্কৰ অৱসান ঘটাই সংবাদ মাধ্যমৰে হোৱা এক সাক্ষাৎকাৰত অভিনেতাজনে নিজে ক’লে তেখেতৰ হাতত আছে কানাডাৰ পাছপ’ৰ্ট।


Updated:May 3, 2019, 10:26 PM IST
ক’ৰ নাগৰিক হয় অক্ষয় কুমাৰ? নিজেই ক’লে অভিনেতাজনে।
অৱশেষত এই বিতৰ্কৰ অৱসান ঘটাই সংবাদ মাধ্যমৰে হোৱা এক সাক্ষাৎকাৰত অভিনেতাজনে নিজে ক’লে তেখেতৰ হাতত আছে কানাডাৰ পাছপ’ৰ্ট।

Updated: May 3, 2019, 10:26 PM IST
২৯ এপ্ৰিল, সেই দিনা লোকসভা নিৰ্বাচনৰ বাবে মুম্বাইত হৈছিল ভোটগ্ৰহণ। ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভিৰ কৰিছিল সকলোৱে। বাদ পৰি ৰোৱা নাছিল বলীউডৰ অভিনেতা–অভিনেত্ৰীও। ভোটদান কৰিছিল প্ৰতিগৰাকী তাৰকাই। কিন্তু ভোট দিবলৈ নগ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎকাৰ লোৱা অক্ষয় কুমাৰ। অভিনেতাজনে ভোট দিবলৈ নোযোৱাক লৈ একাংশই তোলপাৰ লগাইছিল ছচিয়েল মিডিয়াত। অভিনেতাজনৰ নাগৰিকত্বক লৈ উত্থাপন কৰিছিল প্ৰশ্ন। অৱশেষত এই বিতৰ্কৰ অৱসান ঘটাই সংবাদ মাধ্যমৰে হোৱা এক সাক্ষাৎকাৰত অভিনেতাজনে নিজে ক’লে তেখেতৰ হাতত আছে কানাডাৰ পাছপ’ৰ্ট অৰ্থাৎ তেওঁ ভাৰতীয় নহয় কানাডাৰ নাগৰিক। সেয়ে ভোটদান কৰিবলৈ নগ’ল অভিনেতাজন।
আৰু চাওক পৰৱৰ্তী বাতৰি