অক্ষয় কুমাৰৰ ছবি Housefull 4ৰ ওপৰত গুৰুতৰ অভিযোগ

ছবিখনত এই বেকগ্ৰাউণ্ড মিউজিক কেৱল ট্ৰেইলাৰত ব্যৱহাৰ কৰা হৈছেনে সমগ্ৰ ছবিখনত আছে সেয়া জানিব পৰা হোৱা নাই।

News18-Assam
Updated:October 2, 2019, 2:45 PM IST
অক্ষয় কুমাৰৰ ছবি Housefull 4ৰ ওপৰত গুৰুতৰ অভিযোগ
ছবিখনত এই বেকগ্ৰাউণ্ড মিউজিক কেৱল ট্ৰেইলাৰত ব্যৱহাৰ কৰা হৈছেনে সমগ্ৰ ছবিখনত আছে সেয়া জানিব পৰা হোৱা নাই।
News18-Assam
Updated: October 2, 2019, 2:45 PM IST
বৰ্তমান ‘হাউছফুল ৪’ ছবিখনক লৈ চৰ্চাত আছে বলীউদৰ অভিনেতা অক্ষয় কুমাৰ। শেহতীয়াকৈ মুকলি হৈছে ছবিখনৰ ট্ৰেইলাৰ। ছচিয়েল মিডিয়াত ছবিখনৰ ট্ৰাইলাৰে লাভ কৰিছে ব্যাপক সঁহাৰি। ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতে এতিয়া ছবিখনৰ নিৰ্মাতা শ’লঠেকত পৰিছে। অক্ষয় কুমাৰৰ ‘হাউছফুল ৪’ ছবিখনৰ ওপৰত উত্থাপিত হৈছে মিউজিক চুৰিৰ গুৰুতৰ অভিযোগ।

ডেক্কান ক্ৰ’নিকেলৰ এক ৰিপ’ৰ্ট অনুসৰি, ‘হাউছফুল ৪’ৰ ট্ৰেইলাৰ মুকলি হোৱাৰ দিনাৰে পৰা বহু লোকে ছবিখনৰ নেপথ্য সংগীতক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কোৱা হৈছে যে এই ছবিখনৰ নেপথ্য সংগীত ‘কয়দী নাম্বাৰ ১৫০’ ছবিখনৰ পৰা লোৱা হৈছে। ৰিপ’ৰ্ট অনুসৰি ছবিখনৰ ট্ৰেইলাৰত যিটো সংগীত শুনা গৈছে সেয়া সংগীত পৰিচালক দেৱী শ্ৰী প্ৰসাদৰ ‘কয়দী নাম্বাৰ ১৫০’ৰ পৰা লোৱা হৈছে কিন্তু ইয়াৰ বাবে কোনো ক্ৰেডিট ছবিখনৰ সৈতে জড়িত লোকক দিয়া হোৱা নাই।



ছবিখনত এই বেকগ্ৰাউণ্ড মিউজিক কেৱল ট্ৰেইলাৰত ব্যৱহাৰ কৰা হৈছেনে সমগ্ৰ ছবিখনত আছে সেয়া জানিব পৰা হোৱা নাই। এই ঘটনাক লৈ এতিয়ালৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ‘হাউছফুল ৪’ৰ ছবিখনৰ নিৰ্মাতাই। বৰ্তমান ইউৰোপ ভ্ৰমণত থকা সংগীত পৰিচালক দেৱী শ্ৰী প্ৰসাদ ভাৰতলৈ উভতি অহাৰ পিছতে এই ঘটনাৰ বুজ ল’ব। তেওঁৰ টীমে এই সম্পৰ্কে অৱগত কৰিছে সংগীত পৰিচালকগৰাকীক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি