মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»TikTokত বিতৰ্কিত ভিডিঅ’ বনাই গ্ৰেপ্তাৰ হ’ল বলীউদৰ অভিনেতা

TikTokত বিতৰ্কিত ভিডিঅ’ বনাই গ্ৰেপ্তাৰ হ’ল বলীউদৰ অভিনেতা

News18-Assam
Updated:July 18, 2019, 5:39 PM IST
TikTokত বিতৰ্কিত ভিডিঅ’ বনাই গ্ৰেপ্তাৰ হ’ল বলীউদৰ অভিনেতা
ইয়াৰ পূৰ্বেও বলীউদ আৰু টিভি অভিনেতা এজাজ খানক ড্ৰাগছ সম্বন্ধীয় এক গোচৰত ২০১৮ চনত গ্ৰেপ্তাৰ কৰা হৈছিল।

ইয়াৰ পূৰ্বেও বলীউদ আৰু টিভি অভিনেতা এজাজ খানক ড্ৰাগছ সম্বন্ধীয় এক গোচৰত ২০১৮ চনত গ্ৰেপ্তাৰ কৰা হৈছিল।

  • Share this:
বলীউদৰ অভিনেতা এজাজ খানক মুম্বাই আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে TikTok তাৰকা ফেইজুৰ সমৰ্থনত ভিডিঅ’ বনোৱাৰ অভিযোগ। এই ঘটনাটো মহাৰাষ্ট্ৰৰ গণপ্ৰহাৰৰ সৈতে জড়িত। শেহতীয়াকৈ TikTokৰ 07 গ্ৰুপে তবৰেজ আনচাৰীৰ গণপ্ৰহাৰৰ ঘটনাক লৈ এক ভিডিঅ’ প্ৰকাশ কৰিছিল। এই ভিডিঅ’টোক লৈ সৃষ্টি হৈছিল হৈ–চৈৰ। ইয়াকে লৈ টিকটক ষ্টাৰ ফেইজুৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ইয়াৰ মাজতে এজাজ খানে ফেইজুৰ সমৰ্থনত এটা ভিডিঅ’ প্ৰকাশ কৰে। ইয়াক গম্ভীৰৰূপে লৈ মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজাজ খানক। জানিব পৰা মতে, মুম্বাই আৰক্ষীৰ চাইবাৰ চেলে এজাজ খানক সোধা–পোছা অব্যাহত ৰাখিছে।

এজাজ খানে নিজৰ ভিডিঅ’ত বলীউদৰ কিছু সংলাপ ‘মিমিক্ৰী’ কৰি মুম্বাই আৰক্ষীক কটাক্ষ কৰিছিল। ইমানেই নহয়, তেওঁক ৭ অভিযুক্তৰ সৈতেও দেখা গৈছিল, যিসকলে টিকটকত তবৰেজ আনচাৰীৰ গণপ্ৰহাৰৰ পিছত ভিডিঅ’ বনাইছিল। এই ভিডিঅ’টোত কোৱা হৈছিল যে যদি কোনো মুছলমান সন্ত্ৰাসবাদী হয় তেন্তে তেওঁৰ দোষ নাই।

ইয়াৰ পূৰ্বেও বলীউদ আৰু টিভি অভিনেতা এজাজ খানক ড্ৰাগছ সম্বন্ধীয় এক গোচৰত ২০১৮ চনত গ্ৰেপ্তাৰ কৰা হৈছিল। এজাজ খানৰ পৰা নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হৈছিল। ২০১৬ চনতো এজন হেয়াৰ ষ্টাইলিষ্টক অশ্লীল ফটো আৰু মেছেজ প্ৰেৰণ কৰি গ্ৰেপ্তাৰ হৈছিল এজাজ।
First published: July 18, 2019, 5:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি