২০২০ৰ আৰম্ভণিতে মুক্তি পালে বলীউদৰ দুখনকৈ চৰ্চিত ছবি অজয় দেৱগনৰ Tanhaji আৰু দীপিকা পাডুকণৰ Chhapaak-এ। দুয়োখন ছবিক লৈ ছচিয়েল মিডিয়াত হৈছিল ব্যাপক চৰ্চা। এই চৰ্চাৰ প্ৰভাৱ বক্স অফিচত পৰিব বুলি পূৰ্বৰে পৰা অনুমান কৰা হৈছিল। তাৰ মাজতে দুয়োখন ছবিৰ প্ৰথম দিনাৰ বক্স অফিচ কালেকশ্যন পোহৰলৈ আহিছে।
ছবি দুখনৰ আৰম্ভণিৰ উপাৰ্জন শ্বেয়াৰ কৰিছে ৱেবছাইট বক্স অফিচ ইণ্ডিয়াই। ৱেবছাইটটোৰ প্ৰাৰম্ভিক অনুমান অনুসৰি কোৱা হৈছে যে Tanhajiৰ প্ৰথম দিনৰ উপাৰ্জন সুন্দৰ হৈছে।
ৰিপ’ৰ্ট অনুসৰি, Tanhajiৰ প্ৰথমদিনাৰ উপাৰ্জন ১৬ কোটি। আনহাতে, Chhapaakৰ প্ৰথমদিনাৰ কালেকশ্যন হৈছে ৪.৭৫ কোটি টকা।
ইয়াৰ পূৰ্বে তৰণ আদৰ্শে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে কৈছিল যে অজয় দেৱগণৰ ছবি Tanhaji ৩৮৮০খন স্ক্ৰীণত মুক্তি পোৱাৰ বিপৰীতে দীপিকাৰ Chhapaak মুক্তি পাইছে ১৭০০ স্ক্ৰীণত। ফলত বক্স অফিচ কালেকশ্যন পাৰ্থক্য থকাটো নিশ্চিত। সপ্তাহটোৰ শেষলৈ দুয়োখন ছবিৰ উপাৰ্জন কেনেকুৱা হয় সেয়া লক্ষণীয় হ’ব।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|