আজি মুক্তি লাভ কৰিব সুশান্ত সিং ৰাজপুতৰ জীৱনৰ শেষৰ খন ছবি 'দিল বেচাৰা'। ‘Disney+Hotstar’ত আজি ছবিখনৰ প্ৰিমিয়াৰ হ’ব সন্ধিয়া ৭.৩০ বজাত। দিল বেচাৰা ছবিখনৰ বাবে এতিয়া ব্যাপক আগ্ৰহেৰে ৰৈ আছে সুশান্ত সিং ৰাজপুতৰ অনুৰাগীসকল। ছবিখনে মুক্তি লাভ কৰাৰ প্ৰাকক্ষণত বিভিন্ন জনে শ্বেয়াৰ কৰিছে বিভিন্ন ধৰণৰ পষ্ট।
দিল বেচাৰা ছবিখন পৰিচালনা কৰিছে মুকেশ চাব্ৰাই। ছবিখনত সুশান্তৰ উপৰিও অভিনয় কৰিছে নৱাগত সঞ্জনা সংঘি, স্ৱাসটিকা মুখাৰ্জী আৰু ছেঈফ আলী খানে।
সুশান্তৰ প্ৰাক্তন প্ৰেয়সী অংকিতা লোখণ্ডেই ছচিয়েল মিডিয়াত সুশান্তৰ সোঁৱৰণত শ্বেয়াৰ কৰিছে আবেগিক পষ্ট। অংকিতাই ইনষ্টাগ্ৰামত লিখিছে- ‘হাঁহি থাকিবা, য’তেই নাথাকা কিয়!’
দিল বেচাৰা মুক্তিৰ প্ৰাকক্ষণত অভিনেত্ৰী মৌনি ৰয়েও শ্বেয়াৰ কৰিছে সুশান্তক সোঁৱৰি বিশেষ পষ্ট।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|