ৰত্নাকৰৰ পিছত ছবিগৃহলৈ আহি আছে ৰবি শৰ্মাৰ Action packed ‘ৰঘূপতি’

শুভ্ৰত কাকতিয়ে পৰিচালনা কৰিব লগা ছবিখনৰ কাহিনী লিখিছে অভিনেতা ৰবি শৰ্মাই নিজে

News18-Assam
Updated:October 14, 2019, 10:12 PM IST
ৰত্নাকৰৰ পিছত ছবিগৃহলৈ আহি আছে ৰবি শৰ্মাৰ Action packed ‘ৰঘূপতি’
শুভ্ৰত কাকতিয়ে পৰিচালনা কৰিব লগা ছবিখনৰ কাহিনী লিখিছে অভিনেতা ৰবি শৰ্মাই নিজে
News18-Assam
Updated: October 14, 2019, 10:12 PM IST
এতিয়া যেন ঘূৰি আহিছে অসমীয়া বানিজ্যিক ছবিৰ সোণালী সুদিন। ছবিগৃহলৈ আহিছে ইখনৰ পিছত সিখন অসমীয়া ছবি। জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ সফলতাৰ পিছত যতীন বৰাৰ ৰত্নাকৰেও ভংগ কৰিছে ইটোৰ পিছত সিটো অভিলেখ। সেইসময়তে চৰ্চালৈ আহিছে অসমীয়া ছবিৰ অন্য এজন তাৰকা ৰবি শৰ্মাৰ নতুন ছবি ৰঘূপতি।



অত্যাধুনীক কাৰিকৰী কৌশলেকে নিৰ্মাণ কৰিবলগীয়া ছবিখনৰ কাহিনী লিখিছে অভিনেতা ৰবি শৰ্মাই। ইতিমধ্যে আৰম্ভ হৈছে ছবিখনৰ প্ৰাৰম্ভিক কাম কাজ। ছবিখনৰ টিজাৰ নিৰ্মাণৰ সময়ত ৰবি শৰ্মাৰ এখন ফটোৱে ইতিমধ্যে লাভ কৰিছে ব্যাপক চৰ্চা।



শুভ্ৰত কাকতিয়ে পৰিচালনা কৰিবলগীয়া ছবিখনৰ প্ৰথমখন পষ্টাৰ ইতিমধ্যে মুকলি কৰা হৈছে। ৰবি শৰ্মাৰ উপৰিও ৰঘূপতিত অভিনয় কৰিছে অভিনেত্ৰী অম্ৰিতা গগৈ, বিশিষ্ট অভিনেতা অৰুণ নাথ আদিৰ দৰে শিল্পীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি