কেৱল ৰামায়ণেই নহয়, এতিয়া দূৰদৰ্শনত পুনৰ চাব পাৰিব ছুপাৰহিট মহাভাৰতো, আজিৰে পৰা হ’ব আৰম্ভ

News18 Assam | News18-Assam
Updated:March 28, 2020, 9:18 AM IST
কেৱল ৰামায়ণেই নহয়, এতিয়া দূৰদৰ্শনত পুনৰ চাব পাৰিব ছুপাৰহিট মহাভাৰতো, আজিৰে পৰা হ’ব আৰম্ভ
কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে এই সম্পৰ্কে এক টুইট কৰি সদৰি কৰিছে এই কথা।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে এই সম্পৰ্কে এক টুইট কৰি সদৰি কৰিছে এই কথা।

  • Share this:
‘ৰামায়ণ’ৰ লগতে ‘মহাভাৰত’ আকৌ এবাৰ দূৰদৰ্শনত উপভোগ কৰিব পাৰিব দৰ্শকে। জনতাৰ দাবীত প্ৰসাৰ ভাৰতীৰ চিইঅ’ শশী শেখৰে দ্বিতীয়বাৰলৈ ‘মহাভাৰত’ সম্প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছে। ডিডি ভাৰতীয়ে শনিবাৰৰ পৰা দৈনিক এই ছুপাৰহিট ধৰ্মীয় শ্ব’ দুপৰীয়া ১২ বজাত আৰু সন্ধিয়া ৭ বজাত পুনৰ সম্প্ৰচাৰ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে এই সম্পৰ্কে এক টুইট কৰি সদৰি কৰিছে এই কথা।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে টুইটত লিখিছে, ‘এই ঘোষণা কৰিবলৈ পাই মই আনন্দিত যে ডিডি ভাৰতীয়ে ২৮ মাৰ্চৰ পৰা প্ৰতিদিনে দুপৰীয়া ১২ বজাত জনপ্ৰিয় ধাৰাবাহিক মহাভাৰত সম্প্ৰচাৰ কৰিব আৰু আৰু সন্ধিয়া ৭ বজাত পুনৰ সম্প্ৰচাৰ।’ উল্লেখযোগ্য যে ৰামায়ণ পুনৰ সম্প্ৰচাৰ কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে ছচিয়েল মিডিয়াত #মহাভাৰত ট্ৰেণ্ড কৰি আছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading