‘কাঞ্চনজংঘা’ৰ পিছত এইবাৰ ‘বাঘ’। ‘বাঘ’ চাবলৈ অপেক্ষা কৰিব লাগিব আৰু প্ৰায় এটা বছৰ। ৰঙিয়াত NEWS18ৰ আগত জুবিন গাৰ্গে ক’লে নিজৰ পৰৱৰ্তী চিনেমাৰ কথা। ‘কাঞ্চনজংঘা’ৰ পিছত এইবাৰ জুবিনে নিৰ্মাণ কৰিব ‘বাঘ’।
মিছন চাইনা, কাঞ্চনজংঘাৰ সফলতাৰ পিছত এইবাৰ জুবিনৰ পৰিকল্পনা ‘বাঘ’। বাঘৰ চৰিত্ৰত অভিনয় কৰিব স্বয়ং জুবিন গাৰ্গে। আজি কাঞ্চনজংঘাৰ দৰ্শনী চলি থকাৰ সময়তে ৰঙিয়াৰ ছবিগৃহত উপস্থিত হয় জুবিন গাৰ্গ। পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে ৰঙিয়াৰ ছবিগৃহত উপস্থিত হয় জুবিন।
প্ৰিয় শিল্পীগৰাকীক ওচৰৰ পৰা দেখি উৎফুল্লিত হৈ পৰে দৰ্শকসকল। দৰ্শকৰ অভুতপূৰ্ব সঁহাৰি দেখি আপ্লুত হৈ পৰে জুবিন। ৰঙিয়াৰ ছবিগৃহৰ মঞ্চত জুবিনে আওৰালে কাঞ্চনজংঘাৰ সংলাপ।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|