‘Saaho’ এ নিৰাশ কৰিছে দৰ্শকক! ৬ চেপ্তেম্বৰৰ পৰা অসমৰ চিত্ৰগৃহত কোনে পাব আগস্থান?

আকৌ এবাৰ অসমীয়া ছবি থমকি ৰ’ব লগীয়া হ’ব নেকি হিন্দী ছবিৰ সন্মুখত? কাঞ্চনজংঘাই সন্মান জনক দৰ্শনী নাপালে কি কৰিব জুবিন গাৰ্গে?

News18-Assam
Updated:September 4, 2019, 6:55 PM IST
‘Saaho’ এ নিৰাশ কৰিছে দৰ্শকক! ৬ চেপ্তেম্বৰৰ পৰা অসমৰ চিত্ৰগৃহত কোনে পাব আগস্থান?
আকৌ এবাৰ অসমীয়া ছবি থমকি ৰ’ব লগীয়া হ’ব নেকি হিন্দী ছবিৰ সন্মুখত? কাঞ্চনজংঘাই সন্মান জনক দৰ্শনী নাপালে কি কৰিব জুবিন গাৰ্গে?
News18-Assam
Updated: September 4, 2019, 6:55 PM IST
৬ চেপ্তেম্বৰৰ পৰা অসমৰ ছবিগৃহত কোনে পাব আগস্থান? আকৌ এবাৰ অসমীয়া ছবি থমকি ৰ’ব নেকি হিন্দী ছবিৰ আগত! এতিয়া ছবিগৃহত চলি আছে বলীউড–দক্ষিণ ভাৰতৰ  বিগ বাজেট ছবি ‘Saaho’।  বক্স অফিচত ছবিখনে মুক্তিৰ প্ৰথম তিনিদিন ব্যাপক সঁহাৰি লাভ কৰিছিল যদিও, ছবিখনৰ প্ৰতি এতিয়া মোহ ভংগ হৈছে দৰ্শকৰ! ‍বহু দৰ্শকে ছবিখন চাই নিৰাশ মনে আধাতে ছবিগৃহ ত্যাগ কৰাও দেখিবলৈ পোৱা গৈছে।



অহা ৬ ছেপ্তেম্বৰত মুক্তিপাব জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘা। ছবিখনক লৈ এতিয়া আশাবদী জুবিন গাৰ্গ। ছবিখনৰ প্ৰচাৰৰ বাবে এতিয়া দিন ৰাতি একাকাৰ কৰিছে জুবিন গাৰ্গে। কিন্তু প্ৰশ্ন উঠিছে বলীউডৰ বিগ বাজেট ছবি Saaho চলি থকাৰ সময়ত কাঞ্চনজংঘাই লাভ কৰিবনে সন্মানজনক দৰ্শনী? নে আকৌ এবাৰ অসমীয়া ছবি থমকি ৰ’ব লগীয়া হ’ব হিন্দী ছবিৰ সন্মুখত।

এনে পৰিস্থিতি উদ্ভৱ হ’লে জুবিন গাৰ্গে কি ভূমিকা ল’ব, সেই লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে।
আৰু চাওক পৰৱৰ্তী বাতৰি