মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Dr Bezbaruah 2: অসমীয়া ছবিজগতক নতুন গতি দিবলৈ আহি আছে 'ডক্তৰ বেজবৰুৱা ২' ! মুখ্য চৰিত্ৰত দৰ্শকে দেখা পাব বলীউডৰ জনপ্ৰিয় অভিনেতা আদিল হুছেইনক...

Dr Bezbaruah 2: অসমীয়া ছবিজগতক নতুন গতি দিবলৈ আহি আছে 'ডক্তৰ বেজবৰুৱা ২' ! মুখ্য চৰিত্ৰত দৰ্শকে দেখা পাব বলীউডৰ জনপ্ৰিয় অভিনেতা আদিল হুছেইনক...

Kokil Sarma | News18-Assam
Updated:August 24, 2021, 4:35 PM IST
Dr Bezbaruah 2: অসমীয়া ছবিজগতক নতুন গতি দিবলৈ আহি আছে 'ডক্তৰ বেজবৰুৱা ২' ! মুখ্য চৰিত্ৰত দৰ্শকে দেখা পাব বলীউডৰ জনপ্ৰিয় অভিনেতা আদিল হুছেইনক...
Dr Bezbaruah 2: ভাৰতৰ শ্ৰেষ্ঠ অভিনেতাসকলৰ (Bollywood Actor) মাজত নিজকে প্ৰতিষ্ঠিত কৰা অসম সন্তান তথা ব্যাপকভাৱে প্ৰশংসিত অভিনেতা আদিল হুছেইনক (Adil Hussain) শীঘ্ৰেই দৰ্শকে দেখা পাব এখন অসমীয়া ছবিত (Assamese Film)।

  • Share this:
Dr Bezbaruah 2: ভাৰতৰ শ্ৰেষ্ঠ অভিনেতাসকলৰ (Bollywood Actor) মাজত নিজকে প্ৰতিষ্ঠিত কৰা অসম সন্তান তথা ব্যাপকভাৱে প্ৰশংসিত অভিনেতা আদিল হুছেইনক (Adil Hussain) শীঘ্ৰেই দৰ্শকে দেখা পাব এখন অসমীয়া ছবিত (Assamese Film)। চলচ্চিত্ৰ ড০ বেজবৰুৱাৰ চিকুৱেলত এজন চিকিৎসকৰ চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় অভিনেতাগৰাকীয়ে।

ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱা প্ৰায় ৫০ বছৰৰ আগতে ১৯৬৯ চনত মুক্তি লাভ কৰিছিল। প্ৰতিবেদন অনুসৰি, চিকুৱেল ড০ বেজবৰুৱা ২ পৰিচালনা কৰিব অসমৰ জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীয়ে। চিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নিপন গোস্বামীয়ে। তেওঁৰ পুত্ৰ সিদ্ধাৰ্থও এই চলচ্চিত্ৰখনত অভিনয় কৰিছে। অসমৰ চিত্ৰনাট্যকাৰ-নাট্যকাৰ-গীতিকাৰ ৰাজদ্বীপে চিকুৱেলৰ চিত্ৰনাট্য লিখিছে। চলচ্চিত্ৰখনৰ ইতিমধ্যে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে আৰু ই এতিয়া পোষ্ট-প্ৰডাকচনৰ অধীনত আছে।

photo-facebook

ডক্তৰ বেজবৰুৱাই অসমীয়া বাণিজ্যিক ধাৰাৰ ছবিৰ পাতনি মেলিছিল বুলি কোৱা হয়। ১৯৭০ চনত 'ডক্তৰ বেজবৰুৱা'ই শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। সেয়ে এতিয়া চিনেমাপ্ৰেমী ৰাইজে বহু আশাৰে বাট চাই আছে ডক্তৰ বেজবৰুৱা ২ লৈ...
Published by: Kokil Sarma
First published: August 24, 2021, 4:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি