মোষ্ট ডিজায়াৰেবল উইমেনৰ তালিকাৰ শীৰ্ষস্থানত ৰিয়া চক্ৰৱৰ্তী। জানক আৰু কোন কোন আছে এই তালিকাত।

News18 Assam | News18-Assam
Updated:June 7, 2021, 6:43 PM IST
মোষ্ট ডিজায়াৰেবল উইমেনৰ তালিকাৰ শীৰ্ষস্থানত ৰিয়া চক্ৰৱৰ্তী। জানক আৰু কোন কোন আছে এই তালিকাত।
এই তালিককাত দিশা পাটানী তৃতীয়, কিয়াৰা আডৱানী চতুৰ্থ, দীপিকা পাডুকন পঞ্চম, কেটৰিনা কাইফ ষষ্ঠ, জেকুইলিন ফাৰ্ণাণ্ডেজ সপ্তম স্থানত আছে।

এই তালিককাত দিশা পাটানী তৃতীয়, কিয়াৰা আডৱানী চতুৰ্থ, দীপিকা পাডুকন পঞ্চম, কেটৰিনা কাইফ ষষ্ঠ, জেকুইলিন ফাৰ্ণাণ্ডেজ সপ্তম স্থানত আছে।

  • Share this:
২০২০ চনত অধিকাংশ সময় বাতৰিৰ শিৰোনাম দখল কৰা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয় দখল কৰিছে 'দ্য টাইমছ 50 মোষ্ট ডিজায়াৰেবল উইমেন 2020' (The Times 50 Most Desirable Women 2020)ৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। এই তালিকাত আছে দিশা পাটানী (Disha Patani), দীপিকা পাডুকন (Deepika Padukone), কেটৰিনা কাইফ (Katrina Kaif)ৰ দৰে মোহময়ী তাৰকা অভিনেত্ৰীও আছে। উল্লেখ্য যে তিনিদিন পূৰ্বে প্ৰকাশ পোৱা 'দ্য টাইমছ 50 মোষ্ট ডিজায়াৰেবল মেন ২০২০' (The Times 50 Most Desirable Men 2020)ৰ তালিকাত শীৰ্ষস্থানত আছিল প্ৰয়াত অভিনেতা তথা ৰিয়া চক্ৰৱৰ্তীৰ প্ৰেমিক অভিনেতা সুশান্ত সিং ৰাজপুত।

উল্লেখ্য যে ২৮ বছৰীয়া ৰিয়া চক্ৰৱৰ্তীক সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰো কৰা হৈছিল।বৰ্তমান জামিনত মুকলি হৈ আছে ৰিয়া। টাইমছৰ এই তালিকাত বিভিন্ন ক্ষেত্ৰত জড়িত ৪০ বছৰৰ তলৰ মহিলাৰ মাজত সমীক্ষা কৰা হয়। এই তালিকাত এনেধৰণৰ মহিলাসকলক বাচি লোৱা হয় যিসকল মহিলা বিগত বৰ্ষত তেওঁলোকৰ কাম-কাজৰ বাবে বিশেষ চৰ্চালৈ আহিছিল। অনলাইন ভোট আৰু জুৰীৰ ভোটৰ জড়িয়তে মহিলাসকলৰ ৰেংকিং কৰা হয়।

বিগত বৰ্ষত ৰিয়া চক্ৰৱৰ্তী আছিল সকলোতকৈ চৰ্চিত অভিনেত্ৰী। অৱশ্যে ৰিয়া যি কাৰণে চৰ্চাৰ শীৰ্ষলৈ আহিছিল সেই কাৰণ কোনেও কাহানিও কল্পনা কৰিব পৰা নাছিল। বয়ফ্ৰেইণ্ড সুশান্ত সিঙৰ মৃত্যুৰ চিবিআই তদন্ত দাবী কৰা ৰিয়াৰ বিৰুদ্ধেই সুশান্তৰ পিতৃয়ে টকা-পইচাৰ প্ৰৱঞ্চনা আৰু সুশান্তক আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগ আনে। ইমানেই নহয়, ৰিয়া সাঙোৰ খই পৰিছিল ড্ৰাগছৰ গোচৰত। কেৱল যে আইনী বিচাৰৰ সন্মুখীন হৈছিল এনে নহয়, মিডিয়াতো দীৰ্ঘসময় ধৰি ৰিয়া চক্ৰৱৰ্তীয়ে শিৰোনাম দখল কৰিছিল।

উল্লেখ্য যে এই তালিকাত দিশা পাটানী তৃতীয়, কিয়াৰা আডৱানী চতুৰ্থ, দীপিকা পাডুকন পঞ্চম, কেটৰিনা কাইফ ষষ্ঠ, জেকুইলিন ফাৰ্ণাণ্ডেজ সপ্তম স্থানত আছে।
Published by: Manjumoni Borah
First published: June 7, 2021, 6:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি