অসমীয়া চলচিত্ৰৰ ‘মহাৰাণী’ খ্যাত প্ৰস্তুতি পৰাশৰৰ এক বিশেষ মন্তব্য। অভিনেত্ৰী গৰাকীৰ সেই বিশেষ মন্তব্যই এতিয়া সৰ্বত্ৰ লাভ কৰিছে চৰ্চা। কিন্তু কিয় অভিনেত্ৰীগৰাকীৰ মুখত শুনা গ’ল সেই বিশেষ মন্তব্য।
নিজকে ভদ্ৰ ঘৰৰ ভদ্ৰ সন্তান নহয় বুলি দাবী কৰিলে অভিনেত্ৰীগৰাকীয়ে। ৰাজ্যত চলি থকা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী প্ৰতিবাদতো প্ৰত্যক্ষ ভাবে জড়িত হৈ পৰিছে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ। বিভিন্ন ঠাইত অভিনেত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি দিছে উদাত্ত ভাষণ। তাৰ মাজতে চৰ্চালৈ আহিছে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ এই বিশেষ মন্তব্য।
আচলতে এই মন্তব্য ৰিয়েল লাইফত কোৱা নাই অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে প্ৰথমবাৰৰ কাৰণে কৰিব ছবি পৰিচালনা। অভিজিত ভট্টাচাৰ্যৰ কাহিনী–চিত্ৰনাট্য সংলাপেৰে আহিবলগীয়া ছবি ‘ৰাজকুমাৰী’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী প্ৰস্তুতিয়ে। ইতিমধ্যে মুক্তি পোৱা ছবিখনৰ First Look টিজাৰটোত প্ৰস্তুতি পৰাশৰৰ মুখত শুনিবলৈ পোৱা গৈছে সেই বিশেষ সংলাপটি। ছবিখনত প্ৰস্তুতি পৰাশৰৰ উপৰিও অভিনয় কৰিছে উৎপল দাস আৰু ৰিম্পী দাসে।