• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • নুৰা ফতেহীৰ সৈতে ‘মুন্নী বদনাম হুয়ী’ নাচিলে মলাইকা আৰোৰাই, ভিডিঅ’ ভাইৰেল

নুৰা ফতেহীৰ সৈতে ‘মুন্নী বদনাম হুয়ী’ নাচিলে মলাইকা আৰোৰাই, ভিডিঅ’ ভাইৰেল

মঞ্চ কঁপাই তুলিলে দুই সুন্দৰীয়ে। ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল মালাইকা আৰোৰাই।

মঞ্চ কঁপাই তুলিলে দুই সুন্দৰীয়ে। ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল মালাইকা আৰোৰাই।

মঞ্চ কঁপাই তুলিলে দুই সুন্দৰীয়ে। ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল মালাইকা আৰোৰাই।

  • Share this:
মালাইকা আৰোৰা! প্ৰায়ে সক্ৰিয় হৈ থাকে ছচিয়েল মিডিয়াত। বিভিন্ন সময়ত ফটো, ভিডিঅ’ শ্বেয়াৰ কৰি সদায়েই চৰ্চাত থাকে মালাইকা আৰোৰা। আৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত নিজতকৈ ১০ বছৰতকৈ সৰু অৰ্জুন কাপুৰৰ সৈতে প্ৰেম সম্পৰ্ক স্থাপন কৰি সংবাদ শিৰোনাম দখল কৰিছিল মলাইকা আৰোৰাই।

ছলমান খান অভিনীত দাবাং ছবিৰ ‘মুন্নী বদনাম হুয়ী’ আইটেম ছং বৰ্তমানো সকলোৰে মুখে মুখে। গীতটোত আকৰ্ষণীয় ৰূপত নৃত্য কৰিছিল মলাইকা আৰোৰা খানে। পুনৰ এবাৰ এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে গীতটো।




পিছে এইবাৰ কেৱল মলাইকা নহয়, লগত আছে ডান্সিং কুইন নুৰা ফতেহী। দুয়ো আকৰ্ষণীয় ৰূপত কৰিলে নৃত্য। কিছুদিন পূৰ্বে ‘ইণ্ডিয়া বেষ্ট ডান্সাৰ’ৰ শ্বুটিঙত দুয়ো কৰে নৃত্য। ছ’নী টিভিৰ জৰিয়তে সম্প্ৰচাৰিত হ’ব এই শ্ব’। ভিডিঅ’টো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে মলাইকা আৰোৰাই।
Published by:Himangshu Bhuyan
First published: