জন্মদিনত পুৰুষৰ যৌনাংগৰ আকৃতিৰ কেক কাটিলে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে! ছচিয়েল মিডিয়াত ট্ৰ’ল

News18 Assam | News18-Assam
Updated:September 20, 2020, 11:23 PM IST
জন্মদিনত পুৰুষৰ যৌনাংগৰ আকৃতিৰ কেক কাটিলে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে! ছচিয়েল মিডিয়াত ট্ৰ’ল
অভিনেত্ৰীগৰাকীৰ নাম নিয়া শৰ্মা। বৃহস্পতিবাৰে তেওঁ বিশেষ ধৰণে পালন কৰে নিজৰ জন্মদিন।

অভিনেত্ৰীগৰাকীৰ নাম নিয়া শৰ্মা। বৃহস্পতিবাৰে তেওঁ বিশেষ ধৰণে পালন কৰে নিজৰ জন্মদিন।

  • News18 Assam
  • Last Updated: September 20, 2020, 11:23 PM IST
  • Share this:
অভিনেত্ৰীগৰাকীৰ নাম নিয়া শৰ্মা। বৃহস্পতিবাৰে তেওঁ বিশেষ ধৰণে পালন কৰে নিজৰ জন্মদিন। যিটো জন্মদিন এতিয়া হৈ পৰিছে ছচিয়েল মিডিয়াত চৰ্চাৰ কাৰণ। মুম্বাইৰ অভিনেত্ৰীগৰাকী এতিয়া সন্মুখীন হৈছে ট্ৰ'লৰ। জন্মদিনৰ ভিডিঅ' হৈ পৰিছে ভাইৰেল। কিন্তু কি কাৰণত সেই ভিডিঅ' ভাইৰেল হৈ পৰিছে জানেনে? জানিলে আপুনিও আচৰিত হ’ব।








View this post on Instagram





Safely the best dirty 30th of my life🤪🤪🤪🤪 Short of words ... overwhelmed, and happiest at the moment 🤩🤩 Appreciate the efforts madeeeee by you all.. 🤪... @gautam.sharma13 @iam_reyhna @rrahulsudhir @arjunbijlani @amrin15 @shagun08 @shurabhavinofficial @cashmakeupartistry @savantsinghpremi @bhavin.chudasama.98 Thankkk youuu all for making this our first and the most memorable one...


A post shared by Nia Sharma (@niasharma90) on






'নাগিন -৪' ৰ অভিনেত্ৰী নিয়া শৰ্মাই নিজৰ ৩০ তম জন্মদিনটোত মুম্বাইৰ নিজা বাসগৃহত আয়োজন কৰিছিল এক অনুষ্ঠান। আমন্ত্ৰণ জনাইছিল নিজৰ বন্ধু বান্ধৱীক। সেই মতে উপস্থিত আছিল বহুতো সংগী। দিনটোত অভিনেত্ৰীগৰাকীয়ে কাটে মুঠ ১৮ টা কেক। তাৰ মাজৰে এটা কেক আছিল পুৰুষৰ যৌনাংগ আকৃতিৰ। নিয়াই নিজেই সেই কেক কটাৰ ভিডিঅ' আপলোড কৰিছে ছচিয়েল মিডিয়াত। তাৰপিছতেই সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে উক্ত ভিডিঅ'। ভিডিঅ'টোত দেখা অনুসৰি এনেধৰণৰ কেক উপহাৰ হিচাপে লাভ কৰি অভিনেত্ৰী নিয়া নিজেও অস্বস্তিত পৰিছিল।








View this post on Instagram





Whacky weird or whatever. Keep Calm and Move on. 🥳


A post shared by Nia Sharma (@niasharma90) on






ছচিয়েল মিডিয়াত এই ভিডিঅ' আপলোড হোৱাৰ পিছতেই চৰ্চা হৈছে অনুৰাগীৰ মাজত। বহুতে কৰিছে কটু মন্তব্য আৰু সমালোচনা। জন্মদিনৰ দিনা ইনষ্টাগ্রামত কেইবাটাও ভিডিঅ' আপলোড কৰি নিয়াই কেপছন দিয়ে - "safely the best dirty 30th of my life"। আৰু ইয়াৰ পিছতেই বৰ্তমান যথেষ্ট ট্ৰ'লৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী।
First published: September 20, 2020, 5:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading