অস্কাৰলৈ মনোনীত নীনা গুপ্তাৰ এইখন ছবি

News18 Assam | News18-Assam
Updated:January 2, 2020, 8:31 AM IST
অস্কাৰলৈ মনোনীত নীনা গুপ্তাৰ এইখন ছবি
ছবিখন নিৰ্মাণ কৰিছিল বিকাশ খান্নাই। ছবিখন অস্কাৰলৈ মনোনয়ন লাভ কৰাৰ পিছতে ছচিয়েল মিডিয়াযোগে আনন্দ প্ৰকাশ কৰে ছবি নিৰ্মাতা আৰু অভিনেত্ৰী নীনা গুপ্তাই।

ছবিখন নিৰ্মাণ কৰিছিল বিকাশ খান্নাই। ছবিখন অস্কাৰলৈ মনোনয়ন লাভ কৰাৰ পিছতে ছচিয়েল মিডিয়াযোগে আনন্দ প্ৰকাশ কৰে ছবি নিৰ্মাতা আৰু অভিনেত্ৰী নীনা গুপ্তাই।

  • Share this:
অভিনেত্ৰী নীনা গুপ্তা নিজৰ সুন্দৰ ব্যক্তিত্ব আৰু ষ্টাইলৰ লগতে আকৰ্ষণীয় অভিনয়ৰ বাবে পৰিচিত। যিকোনো ছবিতে প্ৰাণ ঢালি অভিনয় কৰে নীনা গুপ্তাই। ৬০ বৰ্ষীয় এইগৰাকী অভিনেত্ৰীৰ ছবি এইবাৰ মনোনীত হৈছে ছবি জগতৰ সৰ্ববৃহৎ পুৰস্কাৰ অস্কাৰৰ বাবে। নীনাৰ ‘দ্য লাষ্ট কালাৰ’ নামৰ ছবিখনে অস্কাৰলৈ মনোনয়ন লাভ কৰিছে।

এই ছবিখন ২০১৯ চনৰ ৪ জানুৱাৰীত মুক্তিলাভ কৰিছিল। ছবিখন নিৰ্মাণ কৰিছিল বিকাশ খান্নাই। ছবিখন অস্কাৰলৈ মনোনয়ন লাভ কৰাৰ পিছতে ছচিয়েল মিডিয়াযোগে আনন্দ প্ৰকাশ কৰে ছবি নিৰ্মাতা আৰু অভিনেত্ৰী নীনা গুপ্তাই।

বিকাশ খান্নাই টুইটাৰত লিখিছে – ‘২০২০ চনৰ আটাইতকৈ ভাল আৰম্ভণি। আচৰিত, আচৰিত। আমাৰ ছবি ‘দ্য লাষ্ট কালাৰ’ অন্তৰেৰে নিৰ্মাণ কৰা হৈছে। অস্কাৰ : অকাডেমীয়ে ২০১৯ৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৩৪৪খন ছবিৰ নাম ঘোষণা কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি