‘এতিয়াও তোমাক মিছ কৰো’ – কাৰ বাবে এই টুইট মিমিৰ?

ঋতুপৰ্ণ ঘোষৰ মৃত্যুৰ দিনটোত টুইটাৰযোগে শ্ৰদ্ধা জনালে মিমি চক্ৰৱৰ্তীয়ে।

news18assam
Updated:May 30, 2019, 3:59 PM IST
‘এতিয়াও তোমাক মিছ কৰো’ – কাৰ বাবে এই টুইট মিমিৰ?
ঋতুপৰ্ণ ঘোষৰ মৃত্যুৰ দিনটোত টুইটাৰযোগে শ্ৰদ্ধা জনালে মিমি চক্ৰৱৰ্তীয়ে।
news18assam
Updated: May 30, 2019, 3:59 PM IST
‘বোঝে না সে বোঝে না’ৰ মিমিক মনত আছেনে? টলীউদৰ অতিকৈ জনপ্ৰিয় অভিনেত্ৰী মিমি। বক্স অফিচতো হিট মিমি চক্ৰৱৰ্তী। ইয়াৰ মাজতে ছবি জগতৰ পৰা ৰাজনীতিত খোজ দিলে মিমিয়ে। পশ্চিম বংগৰ যাদৱপুৰ সমষ্টিত তৃণমূল কংগ্ৰেছৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিপুলসংখ্যক ভোটত বিজয়ী হয় মিমি। ইমান সফলতাৰ পিছতো নিজৰ পথ প্ৰদৰ্শকক পাহৰি যোৱা নাই মিমিয়ে।

ঋতুপৰ্ণ ঘোষৰ হাতত ধৰিয়ে অভিনয় জগতত খোজ দিছিল মিমিয়ে। ঋতুপৰ্ণৰ টেলিভিছন ধাৰাবাহিক ‘গানেৰ ওপাৰে’ত অভিনয় কৰি ভূয়সী প্ৰশংসা পাইছিল মিমিয়ে। সেই দিনবোৰৰ প্ৰতিটো কথা মনত ৰাখিছে সুন্দৰী অভিনেত্ৰীগৰাকীয়ে। সেয়েহে ঋতুপৰ্ণ ঘোষৰ মৃত্যুৰ দিনটোত টুইটাৰযোগে শ্ৰদ্ধা জনালে মিমি চক্ৰৱৰ্তীয়ে। টুইটাৰত মিমিয়ে লিখিলে – ‘তোমাৰ শূন্যতা কেতিয়াও পূৰণ নহ’ব। তোমাক ‘মিছ’ কৰো।
আৰু চাওক পৰৱৰ্তী বাতৰি