মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Bollywood: ১৯ বছৰ বিৰতিৰ পিছত পুনৰ বলীউডত খোজ দিয়াৰ পৰিকল্পনা একালৰ মোহময়ী অভিনেত্ৰীৰ

Bollywood: ১৯ বছৰ বিৰতিৰ পিছত পুনৰ বলীউডত খোজ দিয়াৰ পৰিকল্পনা একালৰ মোহময়ী অভিনেত্ৰীৰ

News18 Assam | News18-Assam
Updated:July 18, 2021, 8:30 PM IST
Bollywood: ১৯ বছৰ বিৰতিৰ পিছত পুনৰ বলীউডত খোজ দিয়াৰ পৰিকল্পনা একালৰ মোহময়ী অভিনেত্ৰীৰ
অভিনেত্ৰীগৰাকীয়ে কেৱল ডাঙৰ পৰ্দাতে নহয় সৰু পৰ্দাতো ভুমুকি মৰাৰ পৰিকল্পনা কৰিছে।

অভিনেত্ৰীগৰাকীয়ে কেৱল ডাঙৰ পৰ্দাতে নহয় সৰু পৰ্দাতো ভুমুকি মৰাৰ পৰিকল্পনা কৰিছে।

  • Share this:

সুন্দৰ চকুযুৰিৰে এক মায়াবিনী ৰূপৰ অধিকাৰী আছিল তেওঁ। তেওঁ ১৯৮৫ চনত মুক্তি পোৱা 'ৰাম তেৰি গংগা মেইলি'ত অভিনয় কৰি বলীউডত খলকনি তুলিছিল। নানা বিতৰ্কৰ সৈতেও সাঙোৰ খোৱা অভিনেত্ৰী মন্দাকিনী পুনৰ বলীউডত খোজ পেলাব বুলি জানিব পৰা গৈছে।


মন্দাকিনীক ৰাজ কাপুৰৰ অন্যতম শ্ৰেষ্ঠ আৱিষ্কাৰ বুলি কোৱা হয়। কেইবাজনো আগশাৰীৰ অভিনেতাৰ সৈতে অভিনয় কৰিছে। কিন্তু তেওঁ বলীউডত সফল কেৰিয়াৰ গঢ়িব নোৱাৰিলে। আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ সৈতে তেওঁৰ সম্পৰ্কক বলীউডত কেৰিয়াৰ পতনৰ কাৰণ বুলি গণ্য কৰা হয়। কিন্তু এতিয়া মন্দাকিনীয়ে দীঘলীয়া ১৯ বছৰৰ পিছত পৰ্দালৈ উভতি আহিব।


অভিনেত্ৰীগৰাকীয়ে কেৱল ডাঙৰ পৰ্দাতে নহয় সৰু পৰ্দাতো ভুমুকি মৰাৰ পৰিকল্পনা কৰিছে। ডিজিটেল ক্ষেত্ৰত ভাল সুযোগ পালেও তেওঁ অভিনয় কৰিবলৈ ইচ্ছুক। বলীউডৰ অভিনেত্ৰীগৰাকীৰ মেনেজাৰ বাবুভাই থিবাই তেওঁৰ দ্বিতীয় ইনিংছৰ বিষয়ে এটা আগশাৰীৰ ৱেবছাইটক জনাইছিল। খবৰ অনুসৰি মন্দাকিনীৰ ওচৰত কেইবাখনো চলচ্চিত্ৰৰ প্ৰস্তাৱ আছে। আৰু তেওঁ এতিয়া স্ক্ৰিপ্ট বাছনি কৰাত ব্যস্ত। প্ৰাক্তন অভিনেত্ৰীগৰাকীয়ে এটা ভাল প্ৰত্যাৱৰ্তন বিচাৰে। গতিকে তেওঁ এটা শক্তিশালী চৰিত্ৰ বিচাৰি আছে।

Published by: Gautam Barman
First published: July 18, 2021, 8:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি