যুৱৰাজৰ পাৰ্টীত উপস্থিত প্ৰাক্তন প্ৰেমিকা, কি কৰিলে পত্নী হেজেলে?

যুৱৰাজ সিঙৰ পাৰ্টীত উপস্থিত আছিল ইৰফান পাঠান, শিখৰ ধৱন, জাহিৰ খান, ছানিয়া মিৰ্জা আৰু বলীউদৰ কেইবাগৰাকীও তাৰকা।

News18-Assam
Updated:June 30, 2019, 5:23 PM IST
যুৱৰাজৰ পাৰ্টীত উপস্থিত প্ৰাক্তন প্ৰেমিকা, কি কৰিলে পত্নী হেজেলে?
যুৱৰাজ সিঙৰ পাৰ্টীত উপস্থিত আছিল ইৰফান পাঠান, শিখৰ ধৱন, জাহিৰ খান, ছানিয়া মিৰ্জা আৰু বলীউদৰ কেইবাগৰাকীও তাৰকা।
News18-Assam
Updated: June 30, 2019, 5:23 PM IST
ভাৰতীয় ক্ৰিকেট তাৰকা যুৱৰাজ সিঙে ৯ জুনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে। ক্ৰিকেটৰ পৰা সন্যাস লোৱাৰ পিছত শনিবাৰে যুৱৰাজ সিঙে আয়োজন কৰিলে অৱসৰ পাৰ্টী। এই পাৰ্টীত ক্ৰিকেট জগত, বলীউদৰ তাৰকাৰ লগতে ব্যৱসায়িক ক্ষেত্ৰৰ বহু উল্লেখযোগ্য ব্যক্তিও উপস্থিত থাকে। যুৱৰাজৰ এই পাৰ্টীৰ কেইবাখনো ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। কিন্তু তাৰ মাজত এখন ফটোৱে বিশেষভাৱে চৰ্চা লাভ কৰিছে ছচিয়েল মিডিয়াত। ফটোখনত যুৱৰাজ সিঙৰ এফালে আছে পত্নী হেজেল কীচ আৰু আনফালে আছে প্ৰাক্তন প্ৰেমিকা কিম শৰ্মা।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ফটোখনত যুৱৰাজ সিঙে এখন হাত পত্নী হেজেলৰ কান্ধত আৰু আনখন হাত ৰাখিছে প্ৰাক্তন প্ৰেমিকা কিম শৰ্মাৰ কান্ধত। ফটোখনত তিনিওকে হাঁহিমুখে দেখা গৈছে। যুৱৰাজ সিঙক দেখা গৈছে অত্যন্ত শান্ত ৰূপত। যুৱৰাজ সিং আৰু কিম শৰ্মাৰ ব্ৰেকআপ হৈছে যদিও এতিয়া দুয়ো ভাল বন্ধু। যুৱৰাজ সিঙৰ পাৰ্টীত উপস্থিত আছিল ইৰফান পাঠান, শিখৰ ধৱন, জাহিৰ খান, ছানিয়া মিৰ্জা আৰু বলীউদৰ কেইবাগৰাকীও তাৰকা।

আৰু চাওক পৰৱৰ্তী বাতৰি