নতুন বছৰৰ আৰম্ভণিতে নতুন গীতৰ সম্পৰ্কত ঘোষণা কৰিলে দীপলিনা ডেকাই
নতুন বছৰৰ আৰম্ভণিতে নতুন গীতৰ সম্পৰ্কত ঘোষণা কৰিলে দীপলিনা ডেকাই
অভিনেত্ৰী দীপলিনা ডেকা মানেই ছচিয়েল মিডিয়াত ধুমুহা। দীপলিনা ডেকাই ছচিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰিলেই হৈ পৰে ভাইৰেল। ছচিয়েল মিডিয়াত অত্যন্ত এক্টিভ অভিনেত্ৰীগৰাকী। বহুতৰে সপোনৰ ৰাণী দীপলিনা ডেকাই ছচিয়েল মিডিয়াত ফটো বা ভিডিঅ’ শ্বেয়াৰ কৰিলেই হৈ পৰে ভাইৰেল।
তাৰ মাজতে দীপলিনা ডেকাই ঘোষণা কৰিছে তেওঁৰ নতুন বছৰৰ পৰিকল্পনাৰ কথা। অহা ২ জানুৱাৰীত অভিনেত্ৰীগৰাকীৰ নতুন গীত ‘দলিচা’ ই মুক্তি লাভ কৰিব। গীতটোৰ সম্পৰ্কে পোষ্ট শ্বেয়াৰ কৰাৰ পিছতে এতিয়া আৰম্ভ হৈছে চৰ্চা।
দীপলিনা ডেকাৰ এই নতুন গীতে যে শ্ৰুতাৰ পৰা ব্যাপক সমাদৰ লাভ কৰিব সেয়া নিশ্চিত। এতিয়া দীপলিনাৰ অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে নতুন গীতটো শুনিবলৈ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|