ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া।
ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া।
বৰষা ৰাণী বিষয়া! জনপ্ৰিয় অভিনেত্ৰীগৰাকী ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয়। প্ৰায়ে নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত অনুৰাগীসকলৰ বাবে আপলোড কৰে আকৰ্ষণীয় ফটো বা ভিডিও। বিভিন্ন ছবিৰ সংলাপ আওৰাই, নৃত্য-গীতেৰে ছচিয়েল মিডিয়াৰ জৰিয়তেও অনুৰাগীক মোহাচ্চন্ন কৰি আহিছে তাৰকা অভিনেত্ৰীগৰাকীয়ে।
শেহতীয়াকৈ বৰষাৰাণী বিষয়াই নিজৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰিছে এটা আকৰ্ষণীয় ভিডিও। হিন্দী ছবিৰ এটি গীতৰ অংশত অভিনয় কৰা দেখা গল অভিনেত্ৰীগৰাকীক। অনুৰাগীসকলেও আঁকোৱালি লৈছে বৰষা অভিনীত ভিডিওটো।
উল্লেখ্য যে, শেহতীয়াকৈ কোৰোণাৰ মহা সংক্ৰমণৰ বাবে বন্ধ হৈ আছে ছবিৰ শ্বুটিং। ফলত ঘৰতে আবদ্ধ হৈ আছে অভিনেতা-অভিনেত্ৰীসকল। ফলত ছচিয়েল মিডিয়াতে ব্যস্ত থাকি পাৰ কৰিছে সময়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|