ল’ক ডাউনৰ সময়ত বহু জনপ্ৰিয় গীতত আকৰ্ষণীয় নৃত্য কৰি এতিয়া চৰ্চা লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে।
ল’ক ডাউনৰ সময়ত বহু জনপ্ৰিয় গীতত আকৰ্ষণীয় নৃত্য কৰি এতিয়া চৰ্চা লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে।
কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে এতিয়া প্ৰায় স্থৱিৰ হৈ পৰিছে অসমৰ চলচিত্ৰ উদ্যোগ। শ্বুটিং নথকাৰ বাবে এতিয়া ঘৰতে আবদ্ধ হৈ আছে অভিনেতা-অভিনেত্ৰীসকল। ঘৰতে সময় পাৰ কৰা বহু অভিনেত্ৰীয়ে এতিয়া ছচিয়েল মিডিয়াত আপলোড কৰিছে বহু আকৰ্ষণীয় ভিডিঅ’।
অসমৰ নৱাগতা অভিনেত্ৰী অলিস্মিতা গোস্বামী এতিয়া ছচিয়েল মিডিয়াত অন্যতম চৰ্চিত এগৰাকী অভিনেত্ৰী। কিছুদিন পূৰ্বে মুক্তি লাভ কৰা ‘ককাইদেউ বিন্দাছ’ নামৰ ছবিখনত অভিনয় কৰি সকলোকে মোহিত কৰিছিল অভিনেত্ৰীগৰাকীয়ে।
বহু মিউজিক ভিডিঅ’, দুই-এখন ধাৰাবাহিকতো অভিনয় কৰি ইতিমধ্যে অভিনেত্ৰী অলিস্মিতাই নিজৰ প্ৰতিভাৰ উমান দিছে।
ল’ক ডাউনৰ সময়ত বহু জনপ্ৰিয় গীতত আকৰ্ষণীয় নৃত্য কৰি এতিয়া চৰ্চা লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|