মেক–আপ আৰ্টিষ্টৰ বিয়ালৈ গ’ল শ্বাহৰুখ খান, ভাইৰেল হ’ল ভিডিঅ’

বিয়াত উপস্থিত আছিল আন বহু অতিথি। সকলোৱে সপোনৰ নায়কজনক এবাৰ কাষৰ পৰা চোৱাৰ হেঁপাহত অপেক্ষা কৰিছিল।

news18assam
Updated:June 4, 2019, 5:03 PM IST
মেক–আপ আৰ্টিষ্টৰ বিয়ালৈ গ’ল শ্বাহৰুখ খান, ভাইৰেল হ’ল ভিডিঅ’
বিয়াত উপস্থিত আছিল আন বহু অতিথি। সকলোৱে সপোনৰ নায়কজনক এবাৰ কাষৰ পৰা চোৱাৰ হেঁপাহত অপেক্ষা কৰিছিল।
news18assam
Updated: June 4, 2019, 5:03 PM IST
তেওঁ বলীউদৰ বাদশ্বাহ। কিন্তু সদায় অহংকাৰক বহু দূৰতে ৰাখে শ্বাহৰুখ খানে। সেয়ে নিজৰ হেয়াৰ ষ্টাইলিষ্টৰ ভনীয়েকৰ বিয়াত সো–শৰীৰে উপস্থিত হ’ল শ্বাহৰুখ খান।

শেহতীয়াকৈ শ্বাহৰুখ খানৰ হেয়াৰ ষ্টাইলিষ্ট ৰাজ গুপ্তাৰ ভনীয়েকৰ বিয়া আছিল। আমন্ত্ৰণ জনোৱা হৈছিল শ্বাহৰুখ খানকো। বিয়াত উপস্থিত আছিল আন বহু অতিথি। সকলোৱে সপোনৰ নায়কজনক এবাৰ কাষৰ পৰা চোৱাৰ হেঁপাহত অপেক্ষা কৰিছিল। অৱশেষত ক’লা ছ্যুট–ব্লেজাৰ পিন্ধি বিবাহস্থলীত উপস্থিত হ’ল শ্বাহৰুখ। নৱ দম্পতীক আঁকোৱালি লৈ আশিৰ্বাদো কৰিলে শ্বাহৰুখে। এই ভিডিঅ’ মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত।

 



আৰু চাওক পৰৱৰ্তী বাতৰি