உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ‘কণমানিজনীয়ে ক’লে-ৰবি দা আহিছে’- দুই সন্তানৰ সৈতে কি কৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই? চাওক Video

    ‘কণমানিজনীয়ে ক’লে-ৰবি দা আহিছে’- দুই সন্তানৰ সৈতে কি কৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই? চাওক Video

    জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা প্ৰায়ে চৰ্চাত থাকে। ছচিয়েল মিডিয়াতো সক্ৰিয় জনপ্ৰিয় অভিনেতাগৰাকী।

    জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা প্ৰায়ে চৰ্চাত থাকে। ছচিয়েল মিডিয়াতো সক্ৰিয় জনপ্ৰিয় অভিনেতাগৰাকী।

    জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা প্ৰায়ে চৰ্চাত থাকে। ছচিয়েল মিডিয়াতো সক্ৰিয় জনপ্ৰিয় অভিনেতাগৰাকী।

    • Share this:
    জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা প্ৰায়ে চৰ্চাত থাকে। ছচিয়েল মিডিয়াতো সক্ৰিয় জনপ্ৰিয় অভিনেতাগৰাকী। এইবাৰ নিজৰ ছচিয়েল মিডিয়া চাইটত অভিনেতা ৰবি শৰ্মাই নিজৰ দুই সন্তানৰ সৈতে শ্বেয়াৰ কৰিলে এটা ‘মৰমললগা’ ভিডিঅ’। ভিডিঅ’টোত দুয়োটা সন্তানৰ সৈতে ব্যস্ত থকা দেখা গ’ল ৰবি শৰ্মাক। আনকি দুই কণমানি সন্তানৰ সৈতে ‘বিলতে হালিছে’ গীতটোৱো গুণগুণালে জনপ্ৰিয় অভিনেতাজনে। মাজতে কণমানিজনীয়ে ৰবি শৰ্মাক দেখি মাত ল’গালে, ‘ৰবি দা আহিছে’।ভিডিঅ’টোৱে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ছচিয়েল মিডিয়াত।








    View this post on Instagram





    এনেকুৱা কচুগুটি পোৱালি অ' এইকেইটা !


    A post shared by RAVI SARMA (@ravi_sarma_official) on






    উল্লেখযোগ্য যে, ল’ক ডাউনৰ ফলত এতিয়া বন্ধ হৈ আছে ছবিৰ শ্বুটিং। বৰ্তমান নিৰ্মীয়মান অৱস্থাত থকা ৰবি শৰ্মা অভিনীত 'ৰঘূপতি' ছবিখনে মুক্তিৰ পূৰ্বেই ব্যাপক চৰ্চা লাভ কৰিছে। অহা বছৰ ছবিখন মুক্তি দিয়াৰ কথা ইতিমধ্যে জনাইছে ৰবি শৰ্মাই। সেইদৰে সকলো ঠিকে থাকিলে অহা বছৰ ‘বাৰুদ ২’ নামৰ ছবিখনতো দেখা যাব ৰবি শৰ্মাক। যিখন ছবিত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা যতীন বৰায়ো।
    Published by:Himangshu Bhuyan
    First published: